ধুবুৰী, ১১অক্টোবৰ (হি.স.)। চাপৰৰ বাৰুণিতাৰা গাওঁত অচিনাক্ত মৃতদেহ উদ্ধাৰ। গাৰোঝোৰা নদীত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহটো। নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো। মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে চাপৰ আৰক্ষীক খবৰ দিয়ে।
ঘটনা স্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মৃতদেহটোৰ মৰোনত্তৰ পৰীক্ষা কৰাৰ বাবে ধুবুৰী চিকিতসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে।মৰোনত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতহে লোকজনক হত্যা কৰা হৈছে নে আত্মহত্যা কৰিছে এই বিষয়ে স্পষ্টকৈ কব পৰা হব।চাপৰ আৰক্ষীৰ তদন্তকাৰী বিষয়া গৰাকী সংবাদ মাধ্যমত এইদৰে উল্লেখ কৰে।মৃতদেহটো দুৰনীবটিয়া আন অঞ্চলৰ পৰা নদীৰ সোতত উটি অহা বুলি অনুমান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা