ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ড্ৰাগছ সহ দুজন গ্ৰেপ্তাৰ
নগাও, ১১ অক্টোবৰ (হি.স.)। ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত একেদিনাই ৰূপহী টাউন আৰু ৰূপহী নতুন বজাৰত আৰক্ষীৰ পৃথক পৃথক অভিযানত ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ আৰু ২০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ
ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ড্ৰাগছ সহ দুজন গ্ৰেপ্তাৰ


নগাও, ১১ অক্টোবৰ (হি.স.)। ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত

একেদিনাই ৰূপহী টাউন আৰু ৰূপহী নতুন বজাৰত আৰক্ষীৰ পৃথক পৃথক অভিযানত ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ আৰু ২০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিব সক্ষম হই আৰক্ষী।

ৰূপহী টাউনৰ খালেদা বেগমৰ জিম্মাৰ পৰা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ আৰু ৰূপহী নতুন বজাৰৰ ছামছুল হকৰ পৰা ২০টাকৈ কন্টেইনাৰ জব্দ কৰে।

জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ১৫.৬৩ গ্ৰাম। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োজন ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে। বিগত কিছুদিনৰ পৰা অঞ্চলটোত ড্ৰাগছ আসক্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত চিন্তনিয় বিষয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande