ছমৰীয়াত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ
কামৰূপ, ১১ অক্টোবৰ (হি.স.)। ছমৰীয়াত আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰা হৈছে ।গৌৰৱ গগৈ ফান ক্লাৱৰ উদ্যোগত ডেকাচাং জবাল-ই ৰহমান একাডেমীত ৰূপায়ন গছপুলি ৰোপণ কাৰ্যসূচী। মুখ্য অতিথি তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী ছাহজাহান আ
ছমৰীয়াত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ


কামৰূপ, ১১ অক্টোবৰ (হি.স.)। ছমৰীয়াত আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰা হৈছে ।গৌৰৱ গগৈ ফান ক্লাৱৰ উদ্যোগত ডেকাচাং জবাল-ই ৰহমান একাডেমীত ৰূপায়ন গছপুলি ৰোপণ কাৰ্যসূচী। মুখ্য অতিথি তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী ছাহজাহান আলীয়ে ৰোপন কৰে গছপুলি । কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ডেকাচাং জবাল-ই ৰহমান একাডেমীত প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। কামৰূপ জিলা গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ উদ্যোগত আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীত জেষ্ঠ কংগ্ৰেছী নেতা তথা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ২৭নং ছমৰীয়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকট প্ৰত্যাশী ছাহজাহান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৃক্ষৰোপণ কৰে।বৃক্ষৰোপণৰ অন্তত বিদ্যালয় প্ৰাংগনত অনুষ্টুপীয়াকৈ এখন সভা অনুষ্ঠিত হয়। গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য কবিৰ আক্ৰাম হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত গৌৰৱ গগৈ ফেনচ্ ক্লাৱৰ সদস্য হেফজুৰ ৰহমান, সদস্যা মৰ্জিনা বেগম প্ৰমুখ্যে সদস্য সকল, স্থানীয় মুৰব্বী, বিদ্যালয়ৰ খনৰ অধ্যক্ষ কলিম উদ্দিন আহমেদ, প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একনিষ্ঠ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ লগতে শ্ৰদ্ধাৰে সুঁৱৰি বিদেহী আত্মাৰ সদগতি কামনা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande