–পৰ্যটকৰ আগমনত আনন্দিত পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকল
বাক্সা, ১১ অক্টোবৰ (হি.স.)। পৰ্যটকেৰে ভৰি পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন ঘটাত আনন্দিত হৈ পৰিছে পৰ্যটন ক্ষেত্রৰ লগত জড়িত দাঁতিকাষৰীয়া লোকসকল। যোৱা ২৪ ছেপ্টেম্বৰত ২০২৫-২৬ পৰ্যটন বৰ্ষৰ পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ পাছতেই ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে অজস্র দেশী -বিদেশী পৰ্যটকৰ।
মানাহলৈ অহা পৰ্যটকসকলে মুক্ত মনেৰেই মানাহৰ প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ লগতেই ৰাষ্ট্ৰীয় উদ্যানখনত থকা বাঘ, হাতী, গঁড়, বাইচনকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ -জন্তু চৰাই-চিৰিকতি দেখিবলৈ পাই আনন্দিত হৈ পৰিছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা। যাৰ ফলত মানাহলৈ অহা পৰ্যটকসকলে সঘনাই জীৱ-জন্তুৰ বিচৰণ দেখিবলৈ সক্ষম হৈছে।
ইফালে এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা পূৰ্বৰ তুলনাত দুগুনে বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মানাহৰ পৰ্যটন ক্ষেত্রৰ লগত জড়িত লোকসকলে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা