নগাও, ১১ অক্টোবৰ (হি.স.)। কামপুৰ বৈঠালাংছ' পথৰ লুটুমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বালি ভৰ্তি ডাম্পাৰে প্ৰচণ্ড খুন্দা টাটা মেজিকত ।
নগাঁও দিশৰ পৰা আহি থকা টাটা মেজিকৰ নম্বৰ এএছ ০২এচি ৭৮৬১আৰু বালি ভৰ্তি ডাম্পাৰ খনৰ নম্বৰ এএছ ০২৭চি ৭১৬১ক খুন্দা মৰাৰ ফলত পথৰ কাষত বাগৰি পৰে ।
মেজিক খনৰ চালক সহ তিনি যাত্ৰী গুৰুতৰ ভাবে হয় । আহত সকলক স্থানীয় লোকে ততাতৈয়াকৈ কামপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।আহত সকলক জামিৰ হুছেইন, চাইফুল ইছলাম আৰু শৰাফত আলি বুলি জানিব পৰা গৈছে । ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাৱলৈ প্ৰেৰণ কৰিছে । ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বালি ডাম্পাৰ খন জব্দ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা