নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে আজি বিহাৰৰ সাৰণ জিলাস্থিত ভাৰত ৰত্ন লোকনায়ক জয়প্ৰকাশ নাৰায়ণ (জে পি বাবু)ৰ পৈত্ৰিক গাঁও সীতাবদিয়াৰাত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। উপ-ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সীতাবদিয়াৰা অঞ্চলক ন’-ড্ৰ’ন ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে। নিৰাপত্তাৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বৃহস্পতিবাৰে উপ-ৰাষ্ট্ৰপতি সচিবালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাধাকৃষ্ণনে লোকনায়কৰ পূৰ্বপুৰুষৰ সীতাবদিয়াৰাত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাব। লগতে জয়প্ৰকাশ নাৰায়ণ ৰাষ্ট্ৰীয় স্মৃতিসৌধত তেওঁ মাল্যাৰ্পণ কৰিব। তেওঁ লোকনায়কৰ পত্নী প্ৰভাতী দেৱীৰ স্মৃতিত স্থাপন কৰা সীতাবদিয়াৰাত প্ৰভাতী পুথিভঁৰালতো পৰিদৰ্শন কৰিব।
সাৰণ জিলা দণ্ডাধীশ অমন সমীৰে কয় যে উপ-ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী প্ৰায় ৪৫ মিনিটৰ হ’ব। এই ভ্ৰমণৰ সময়ত তেওঁ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ পূৰ্বপুৰুষৰ ঘৰ আৰু তেওঁৰ শৈশৱ আৰু প্ৰাথমিক জীৱনৰ লগত জড়িত স্থানসমূহ পৰিদৰ্শন কৰিব। তেওঁ প্ৰভাতি দেৱীৰ স্মৃতিত স্থাপন কৰা পুথিভঁৰালটোও পৰিদৰ্শন কৰিব।
অনুষ্ঠানৰ অন্তত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পাটনালৈ ৰাওনা হ’ব। বিহাৰৰ ৰাজ্যপাল, জিলাৰ জ্যেষ্ঠ বিষয়া, লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ সম্ভাৱনা আছে। ইতিমধ্যে জিলা দণ্ডাধীশ অমন সমীৰ, এছ এছ পি ডাঃ কুমাৰ আশীষকে ধৰি অন্যান্য বিষয়াসকলে ইতিমধ্যে সীতাবদিয়াৰাৰ লালা টোলাত উপস্থিত হৈ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিছে।
সীতাবদিয়াৰা দেশৰ এখন গুৰুত্বপূৰ্ণ ঐতিহাসিক গাঁও। বিহাৰৰ সাৰণ জিলা আৰু উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ সীমান্তত ঘঘৰা আৰু গংগা নদীৰ সংগমস্থলীৰ ওচৰত সীতাবদিয়াৰা অৱস্থিত। সৰ্বমুঠ বিপ্লৱৰ পথ প্ৰদৰ্শক জয়প্ৰকাশ নাৰায়ণৰ জন্মস্থান হিচাপে সীতাবদিয়াৰা বিশেষ মৰ্যাদা লাভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ