আই পি এছ বিষয়া ৱাই পুৰণৰ আত্মহত্যাক লৈ ছোনিয়া গান্ধীৰ শোক প্ৰকাশ
নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰয়াত হাৰিয়ানাৰ আই পি এছ বিষয়া ৱাই পুৰন কুমাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছত এখন পত্ৰযোগে শোক প্ৰকাশ কৰিছে। তেওঁ মৃত বিষয়াগৰাকীৰ পত্নী আই এ এছ অমনিত পি কুমাৰৰ প্ৰতি সমবেদনা
सोनिया गांधी (फाइल फोटो)


নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰয়াত হাৰিয়ানাৰ আই পি এছ বিষয়া ৱাই পুৰন কুমাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছত এখন পত্ৰযোগে শোক প্ৰকাশ কৰিছে। তেওঁ মৃত বিষয়াগৰাকীৰ পত্নী আই এ এছ অমনিত পি কুমাৰৰ প্ৰতি সমবেদনা ব্য়ক্ত কৰে।

ছোনিয়া গান্ধীয়ে তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে ৱাই পুৰণৰ আত্মহত্যা এক গভীৰ দুখজনক আৰু হৃদয় বিদাৰক ঘটনা। এই কঠিন সময়ত অমনিত কুমাৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে তেওঁ আৰু সমগ্ৰ দেশ থিয় দিছে। ৱাই পুৰাণৰ মৃত্যুৱে আমাৰ আৰক্ষী বাহিনীয়ে সন্মুখীন হোৱা গভীৰ মানসিক আৰু পেছাদাৰী প্ৰত্যাহ্বানৰ কথা সোঁৱৰাই দিব, যিবোৰৰ সমাধানৰ বাবে স্পৰ্শকাতৰ দৃষ্টিভংগী আৰু প্ৰতিষ্ঠানিক সহায়ৰ প্ৰয়োজন।

উল্লেখযোগ্য যে শেহতীয়াকৈ তেলেংগানাৰ কেডাৰৰ ২০০১ বেচৰ আই পি এছ বিষয়া ৱাই পুৰন কুমাৰে আত্মহত্যা কৰিছিল। বৰ্তমান এই গোচৰৰ তদন্ত চলি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande