প্ৰতিযোগিতামূলক পৰীক্ষাৰ তদন্ত আয়োগৰ মুখ্যমন্ত্ৰী ধামীৰ হাতত অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল
ডেৰাডুন, ১১ অক্টোবৰ (হি.স.)। ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ইউ.চি. প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ তদন্তৰ বাবে গঠন কৰা এক সদস্যৰ তদন্ত আয়োগৰ অধ্যক্ষ ধ্যানীয়ে আজি ইয়াত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল
गठित समिति के अध्यक्ष यूसी  ध्यानी  मुख्यमंत्री पुष्कर सिंह धामी को रिपोर्ट सौंपते।


ডেৰাডুন, ১১ অক্টোবৰ (হি.স.)। ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ইউ.চি. প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ তদন্তৰ বাবে গঠন কৰা এক সদস্যৰ তদন্ত আয়োগৰ অধ্যক্ষ ধ্যানীয়ে আজি ইয়াত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰীক্ষাৰ বিশুদ্ধতা, স্বচ্ছতা, বিশ্বাসযোগ্যতা বজাই ৰখাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্রতিবেদন পৰীক্ষা কৰি প্রার্থীৰ স্বার্থত সিদ্ধান্ত ল’ব চৰকাৰে ৷

উত্তৰাখণ্ড অধীনস্থ সেৱা বাছনি আয়োগে ২০২৫ চনৰ ২১ ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে আয়োগ গঠন কৰিছিল।মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে কম সময়ৰ ভিতৰতে বিস্তৃত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাৰ লগতে প্ৰাৰ্থী আৰু অংশীদাৰসকলৰ পৰা পৰামৰ্শ লাভ কৰাত আয়োগৰ সফলতা লক্ষ্যনীয়। তেওঁ উল্লেখ কৰে যে বিষয়টোত সম্পূৰ্ণ নিৰপেক্ষতা নিশ্চিত কৰিবলৈ চিবিআইৰ তদন্তৰ পৰামৰ্শ দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ভৱিষ্যতে কোনো নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ অনিয়মৰ সম্ভাৱনা নাথাকে আৰু ৰাজ্যৰ পৰীক্ষা ব্যৱস্থাৰ প্ৰতি পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ আস্থা অক্ষুণ্ণ হৈ থাকিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande