অধিনায়ক হিচাপে গিলৰ পঞ্চম শতক গঢ়ি গাংগুলী, ধোনী আৰু পাটাউদীৰ সমতা স্থাপন
নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। ভাৰতীয় টেষ্টৰ অধিনায়ক শুভমন গিলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা এক সুন্দৰ শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। অধিনায়ক হিচাপে গিলৰ এয়া পঞ্চম টেষ্ট শতক। ইয়াৰ লগে লগে তেওঁ পাঁচটাকৈ টেষ্টত শতক অৰ
भारतीय कप्तान शुभमन गिल


নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। ভাৰতীয় টেষ্টৰ অধিনায়ক শুভমন গিলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা এক সুন্দৰ শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। অধিনায়ক হিচাপে গিলৰ এয়া পঞ্চম টেষ্ট শতক। ইয়াৰ লগে লগে তেওঁ পাঁচটাকৈ টেষ্টত শতক অৰ্জন কৰা ভাৰতীয় কিংবদন্তি অধিনায়কৰ তালিকাত যোগদান কৰে। গিলে এতিয়া সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী, আৰু মনছুৰ আলী খান পাটাউদীৰ সৈতে পঞ্চম স্থান ভাগ কৰি লৈছে।

ভাৰতৰ হৈ অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছে বিৰাট কোহলীয়ে, ২০টা শতকৰে। তেওঁৰ পিছতে আছে ১১ শতকৰে দ্বিতীয় স্থানত সুনীল গাভাস্কাৰ, আৰু ৯টা শতকৰে তৃতীয় স্থানত আছে মহম্মদ আজহাৰুদ্দিন। ৭ শতকৰে চতুৰ্থ স্থানত আছে শচীন টেণ্ডুলকাৰ।

এই বছৰ এই পাঁচোটা শতক অৰ্জন কৰে শুভমন গিলে। এই প্ৰদৰ্শনেৰে তেওঁ কেলেণ্ডাৰ বৰ্ষত অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰাৰ বিৰাট কোহলীৰ অভিলেখৰ সমান কৰে, পাঁচটা শতক। ২০১৭ আৰু ২০১৮ চনত কোহলীয়ে পাঁচটাকৈ শতক অৰ্জন কৰিছিল।

ভাৰতীয় অধিনায়ক হিচাপে টেষ্টৰ সৰ্বাধিক শতক:

১.বিৰাট কোহলী – ২০

২) সুনীল গাভাস্কৰ – ১১

৩) মহম্মদ আজহাৰুদ্দিন – ৯

৪) শচীন তেণ্ডুলকাৰ – ৭

৫) সৌৰভ গাংগুলী, এম এছ ধোনী, মনছুৰ আলী খান পটৌদি, শুভমন গিল – ৫

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande