বলীউডৰ আটাইতকৈ সন্মানীয় আৰু উদযাপিত বঁটা নিশা ৭০ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ আজি ১১ অক্টোবৰত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হৈছে। মুম্বাইৰ বাহিৰত এনেধৰণৰ বৃহৎ পৰিসৰত এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। ৭:৩০ বজাৰ পৰা আয়োজন কৰা হৈছে এই অনুষ্ঠান, আৰু ইয়াক বিশেষ কৰি তোলাৰ দায়িত্ব ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কান্ধত, যিয়ে ১৭ বছৰৰ পাছত পুনৰবাৰ ফিল্মফেয়াৰৰ মঞ্চত সূত্ৰধাৰৰ কাম কৰিব।
প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত জিলিকি উঠিছে ফিল্মফেয়াৰ
সাধাৰণতে মুম্বাই বা ডুবাইত অনুষ্ঠিত হোৱা এই সন্মানীয় অনুষ্ঠান আহমেদাবাদৰ এক বিশাল ক্ষেত্ৰখনত অনুষ্ঠিত হৈছে, য’ত বলীউডৰ তাৰকাসকলে ৰেড কাৰ্পেটত চমক তুলিব। শ্ব’টোৰ টিকটৰ মূল্যও চৰ্চা লাভ কৰিছে, মূল্য ৫,০০০ ₹ৰ পৰা ৫০,০০০ ₹। ইতিমধ্যে বহু চলচ্চিত্ৰ তাৰকা চহৰখনত উপস্থিত হৈছে, আৰু দৰ্শকে গ্লেমাৰ, অভিনয়, মনোৰঞ্জনেৰে ভৰা এটা সন্ধিয়াৰ বাবে সাজু হৈছে।
১৯৫৪ চনত ফিল্মফেয়াৰ বঁটা আৰম্ভ -
১৯৫৪ চনত প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হৈছিল। সেই সময়ত এই বঁটা মাত্ৰ পাঁচটা শিতানতহে প্ৰদান কৰা হৈছিল। সেই বছৰতে মীনা কুমাৰীয়ে বাইজু বাৱৰাৰ বাবে প্ৰথম ফিল্মফেয়াৰ বঁটা লাভ কৰে। আজি এই অনুষ্ঠানত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অভিষেক, আৰু কেইবাটাও কাৰিকৰী শাখাকে ধৰি ৩০টাতকৈও অধিক শাখাত বঁটা প্ৰদান কৰা হয়।
শ্বাহৰুখ খানৰ অভিলেখ-
ফিল্মফেয়াৰৰ ইতিহাসত শ্বাহৰুখ খান আৰু দিলীপ কুমাৰৰ নাম সোণালী আখৰেৰে খোদিত হৈ আছে। দুয়োজনে আঠবাৰকৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। শ্বাহৰুখ খানে বাজিগৰ (১৯৯৩) ছবিৰ বাবে প্ৰথম ফিল্মফেয়াৰ বঁটা লাভ কৰে। ফিল্মফেয়াৰ বঁটা গ্লেমাৰ আৰু প্ৰতিপত্তিৰ প্ৰতীক হ’লেও কেতিয়াবা বিতৰ্কৰ মাজতো জড়িত হৈ পৰিছে। অভিনেতা ঋষি কাপুৰে তেওঁৰ আত্মজীৱনীত প্ৰকাশ কৰিছে যে তেওঁ নিজৰ প্ৰথম ছবি ববিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ₹৩০,০০০ টকাত ক্ৰয় কৰিছিল, আনহাতে সেই বছৰতে অমিতাভ বচ্চন জঞ্জীৰৰ বাবেও শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল।
এইবাৰ জিলিকি উঠিছে কিৰণ ৰাওৰ মিছিং লেডিজ
শেহতীয়াকৈ প্ৰকাশ পাইছে এইবাৰৰ মনোনয়ন তালিকা। কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত মিছিং লেডিজ ছবিখনে ২৪টা মনোনয়ন লাভ কৰি ইতিহাস ৰচনা কৰি ফিল্মফেয়াৰৰ ৭০ বছৰীয়া ইতিহাসত সৰ্বাধিক মনোনয়ন লাভ কৰা ছবি হিচাপে পৰিগণিত হয়। আজি নিশাটো হ’ব বলীউডৰ ডাঙৰ তাৰকা আৰু স্মৰণীয় মুহূৰ্তৰ সৈতে এক চমক সৃষ্টি কৰি তুলিব পৰা নিশা, শ্বাহৰুখ খানৰ উভতি অহা আৰু ফিল্মফেয়াৰ ২০২৫ৰ বিজয়ীসকলৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ