শিৱসাগৰ, ১১ অক্টোবৰ (হি.স.): পথাৰ আমাৰ বজাৰ আমাৰ অম্বিকাগিৰি ৰায় চৌধাৰীৰ বাক্যশাৰী সৰোগত কৰি জীৱন সংগ্ৰামৰ যুদ্ধত নামি পৰিছে শিৱসাগৰৰ তিনি মুকবধিৰ যুৱক। সন্তোষ কুমাৰ দাস (শিৱসাগৰ), শোভা দে(শিৱসাগৰ) আৰু ভাস্কৰজ্যোতি ৰাজখোৱা(গোলাঘাট) নামৰ তিনি যুৱক হৈ পৰিছে আন বহু যুৱকৰ বাবে এক আদৰ্শ । নিজৰ অক্ষমতাৰ কথা নাভাবি এই তিনি সাহসী যুৱক কেইজনে আৰম্ভ কৰিলে ফাষ্ট ফুড ব্যৱসায়।
তিনিওজন যুৱকে চাকৰি লৈ বাট নাচায় বা অনুগ্ৰহ লোৱাৰ পৰিৱৰ্তে নিজাববীয়া প্ৰচেষ্টাৰে খুলিলে-- QUICK BITES WITH DEAF নামৰ এখন ফাষ্ট ফুড ষ্টল। শিক্ষাগত অৰ্হতা থকা স্বত্বেও একমাত্ৰ মুকবধিৰ হোৱাৰ বাবেই এইকেইজন যুৱকক চাকৰি দিবলৈ কোনো প্ৰতিষ্ঠান প্ৰস্তুত নাছিল । অৱশেষত তিনিও বন্ধুৱে একত্ৰিত হৈ ফাষ্ট ফুড ব্যৱসায়ৰ জৰিয়তে জীৱনত স্বাৱলম্বী হ’বলৈ এই ব্যৱসায় আৰম্ভ কৰিলে। তিনিওজন যুৱক এতিয়া ফাষ্ট ফুড ষ্টলত ব্যস্ত গ্ৰাহকক বিভিন্ন সু স্বাদু ফাষ্ট ফুড খাদ্যৰে অপ্যায়ন কৰাত। তিনিওজন যুৱককে পৰিয়াল তথা বন্ধুমহলে সহযোগিতা কৰাৰ লগতে সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ