শিৱসাগৰ, ১১ অক্টোবৰ (হি.স.): মৰমৰ শিল্পী জুবিন গাৰ্গক কৌৰৱ বাহিনীয়ে অভিমন্যুৰ দৰে সাগৰত নি বধ কৰিলে । সেই কৌৰৱ বাহিনীক এতিয়া মুখ্যমন্ত্ৰীয়ে কৃষ্ণ আৰু আৰক্ষীয়ে অৰ্জুনৰ ভূমিকা লৈ বধ কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি যোৱাকালি শুকুৰবাৰে সন্ধিয়া মন্দিৰে মছজিদে আশীষ গ্ৰহণ কৰিছে শিৱসাগৰৰ এজন ব্যক্তিয়ে। প্ৰশান্ত চেতিয়া নামৰ কুটীৰ শিল্পী গৰাকীয়ে নিজৰ নিজ হাতে বাঁহেৰে তৈয়াৰ কৰা ঢোল, পেঁপা এখন বাহনত কঢ়িয়াই মন্দিৰ মছজিদত সেৱা গ্ৰহণ কৰিছে ।
জীবনকালত জুবিন গাৰ্গক সাতবাৰ লগ পোৱা কুটীৰ শিল্পী প্ৰশান্ত চেতিয়া জুবিন গাৰ্গৰ মৃত্যুত মৰ্মাহত । অভিনৱ প্ৰতিবাদী যাত্ৰাৰে মুখ্যমন্ত্ৰীলৈ ব্যক্তিগৰাকীৰ অনুৰোধ – জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত সকলোকে ফাঁচি দিয়ক। শিৱসাগৰৰ বিভিন্ন ধৰ্মীয় উপাসনা থলীৰ পদুলি পদুলিয়ে জুবিন গাৰ্গৰ আত্মাৰ সদগতি আৰু ন্যায় বিচাৰি কুটীৰ শিল্পী প্ৰশান্ত চেতিয়াৰ ন্যায় যাত্ৰা অব্য়াহত আছে। জাতিৰ মহানায়কজনক হেৰুৱাই ক্ষোভিত মৰ্মাহত কুটীৰ শিল্পী প্ৰশান্ত চেতিয়াৰ কেইবাটাও ভয়ংকৰ অভিযোগ আনিছে । কেইবাৰো লগ পাঁওতে জুবিন গাৰ্গে উৎসাহিত কৰা কথা ৰোমন্থন কৰে প্ৰশান্ত চেতিয়াই।
ছিংগাপুৰলৈ যি সকলে মাতি নিছিল, সাগৰৰ মাজৰ য়টত যি সকল আছিল সেই সকল কৌৰৱ বুলি কটাক্ষ কৰে প্ৰশান্ত চেতিয়াই । ছিংগাপুৰত জুবিন গাৰ্গ অকলশৰীয়া হৈ আছিল সকলোৱে ৰং চালে। এইদৰে জুবিন গাৰ্গক হত্যা কৰাৰ অভিযোগ তুলিছে প্ৰশান্ত চেতিয়াই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ