ছিপাঝাৰত জুবিন গাৰ্গক সোঁৱৰণ কৰি ফুটবল প্ৰতিযোগিতাৰ আয়োজন
দৰং, ১১ অক্টোবৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়ানে সৰ্বস্তৰৰ লোকক মৰ্মাহত কৰি তুলিছে। যাৰ বাবে গীত মাতৰ উপৰিও শিল্পী গৰাকীৰ স্মৃতি সজল কৰি তুলিবলৈ ৰাজ্য়জুৰি প্ৰয়াস চলাই থকা হৈছে। এনে ধৰণৰ পদক্ষেপ গ্ৰহণ
ছিপাঝাৰত জুবিন গাৰ্গক সোঁৱৰণ কৰি ফুটবল প্ৰতিযোগিতাৰ আয়োজন


দৰং, ১১ অক্টোবৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়ানে সৰ্বস্তৰৰ লোকক মৰ্মাহত কৰি তুলিছে। যাৰ বাবে গীত মাতৰ উপৰিও শিল্পী গৰাকীৰ স্মৃতি সজল কৰি তুলিবলৈ ৰাজ্য়জুৰি প্ৰয়াস চলাই থকা হৈছে। এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ছিপাঝাৰৰ অন্যতম সামাজিক অনুষ্ঠান জোনজ্যোতি আঞ্চলিক প্ৰগতি সংঘই। যোৱা কালি সন্ধিয়া ভাগত হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰি আৰম্ভ কৰিছে আন্ত:ৰাজ্যিক দিবা-নৈশ ফুটবল প্ৰতিযোগিতা।

জুবিন গাৰ্গক সোঁৱৰণ কৰি আয়োজন কৰা ফুটবল প্ৰতিযোগিতাৰ প্ৰথম খেলখনত মণিপুৰ আৰু ওদালগুৰি দলে অংশ লয়। উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande