শিলচৰত আৰম্ভ অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পুৰ্ণাংগ অধিবেশন
কাছাৰ, ১১ অক্টোবৰ (হি.স.)। অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশনখন আজিৰে পৰা দুদিনীয়াকৈ শিলচৰত অনুষ্ঠিত হৈছে। আজিৰে পৰা দুদিনীয়াকৈ ১১ আৰু ১২ অক্টোবৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হ’বলগা এই অধিবেশনত দেশ-বিদেশৰ পাঁচশৰো
শিলচৰত আৰম্ভ অসম সাহিত্য সভাৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পুৰ্ণাংগ অধিবেশন


কাছাৰ, ১১ অক্টোবৰ (হি.স.)। অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশনখন আজিৰে পৰা দুদিনীয়াকৈ শিলচৰত অনুষ্ঠিত হৈছে। আজিৰে পৰা দুদিনীয়াকৈ ১১ আৰু ১২ অক্টোবৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হ’বলগা এই অধিবেশনত দেশ-বিদেশৰ পাঁচশৰো অধিক সদস্য-প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শিলচৰ বংগভৱনত আয়োজন কৰা হৈছে এই পুৰ্ণাংগ অধিবেশন।

আজি ৰাতিপুৱা সাহিত্য সভাৰ শিলচৰ শাখাৰ কাৰ্যালয় চৌহদত পতাকা উত্তোলনৰে এই অধিবেশনৰ শুভাৰম্ভ কৰা হয়। অসম সাহিত্য সভাৰ বৰমুৰীয়া সকলৰ উপস্থিতিত পতাকা উত্তোলন কৰে কাছাৰ জিলা সাহিত‌্য সভাৰ সভাপতি ড' যোগেশ্বৰ বৰ্মনে। অনুষ্ঠানত অসম সাহিত্য প্ৰধান সম্পাদক দেবজিত বৰা সহ যথেষ্ট সংখ্যক বিষয় ববীয়া উপস্হিত থাকে। দুদিনীয়াকৈ আয়োজিত এই অধিৱেশনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande