শিৱসাগৰ, ১১ অক্টোবৰ (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ উদ্যোগত, জোকতলি আঞ্চলিক শাখাৰ আতিথ্যত জোকতলি আঞ্চলিক শাখাৰ নামঘৰ প্ৰাঙ্গনত গুৰু জনায় তিথি উদযাপন কৰা হৈছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হৈছে।
এই মহোৎসৱত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিগত ১০ অক্টোবৰ পৰা ১২ অক্টোবৰ পৰ্যন্ত অনুস্থিত হোৱা এই মহোৎসৱত শিশু, যুৱ আৰু আই- মাতৃ সমাৰোহ অনুষ্ঠিত কৰা হৈছে। লগতে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰিছ আয়োজক সমিতিয়ে ।এই মহোৎসৱত ভকত বৈষ্ণৱ, আই মাতৃ সকলৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আয়োজন এই মহোৎসৱ কাৰ্যসূচীয়ে অঞ্চলটোত এক ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ