জনীয়াৰ পৰা অভয়াপুৰীলৈ যোৱা পথ বন্ধ
জনীয়াৰ পৰা অভয়াপুৰীলৈ যোৱা পথ বন্ধ ।
জনীয়াৰ পৰা অভয়াপুৰীলৈ যোৱা পথ বন্ধ


বৰপেটা, ১১ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ পৰা অভয়াপুৰীলৈ যোৱা পথ বন্ধ হৈ পৰিছে। জনীয়াৰ কৰাৰকুৰ বেকী ব্ৰিজৰ খুটা বহি যোৱাৰ ফলত যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।

ইফালে জনীয়াৰ কৰাৰকুৰ বেকী ব্ৰিজৰ খুটি বহি যোৱাৰ ফলত যাতায়ত ব্যৱস্থা বন্ধ হোৱাৰ ফলত আজি বিশেষজ্ঞ দল আহি উক্ত ব্ৰিজ পৰ্যবেক্ষণ কৰে। বৰপেটা জিলাৰ জনীয়াৰ সো-মাজেৰে বৈ যোৱা বেকী নৈৰ শওঁপুৰ কৰাৰকুৰৰ পকী ব্ৰিজৰ খুটি বহি যোৱাৰ ফলত নামনি অসমৰ যাতায়ত ব্যৱস্থা যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত যন্ত্ৰ চালিত নাওৰে বিপদ সংকুল যাতায়তত কৰিব লগা হৈছে ৰাইজে। এই ক্ষেত্ৰত ৰাইজক সকাহ দিবলৈ যাতায়ত ব্য়ৱস্থা মসৃন কৰি তুলিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰলৈ আৱেদন জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande