তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰাপ্যৰ দাবীত চিকিউৰিটি গাৰ্ডৰ প্ৰতিবাদ
শোণিতপুৰ, ১১ অক্টোবৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে নিৰাপত্তা ৰক্ষীৰ প্ৰতিবাদ। তেজপুৰ বিশ্ববিদ্যালয়ৰ অভ্যন্তৰত সংঘটিত হৈ থকা বিভিন্ন অনিয়মৰ বিষয়ে সম্প্ৰতি এটাৰ পিছত আনটো অভিযোগ উত্থাপিত হৈ আহিছে৷শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত
তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰাপ্যৰ দাবীত চিকিউৰিটি গাৰ্ডৰ প্ৰতিবাদ


শোণিতপুৰ, ১১ অক্টোবৰ (হি.স.)। তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে নিৰাপত্তা ৰক্ষীৰ প্ৰতিবাদ। তেজপুৰ বিশ্ববিদ্যালয়ৰ অভ্যন্তৰত সংঘটিত হৈ থকা বিভিন্ন অনিয়মৰ বিষয়ে সম্প্ৰতি এটাৰ পিছত আনটো অভিযোগ উত্থাপিত হৈ আহিছে৷শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশ্বিদ্যালয়খনৰ উপাচাৰ্য তথা প্ৰশাসনিক কৰ্তৃপক্ষই শ্ৰদ্ধাঞ্জলি জনোৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অৱজ্ঞাৰ ফলশ্ৰুতিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ক্ষুব্ধ হৈ পৰাই নহয়, প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত বিশ্বিদ্যালয়খনৰ ভিতৰত চলিথকা অনিয়মৰ বিষয়ে ইমানদিনে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি অহা শিক্ষক আৰু কৰ্মচাৰী সমাজেেও মুখ খুলিবলৈ আৰম্ভ কৰাৰ লগতে ছাত্ৰ সমাজৰ প্ৰতিবাদৰে চামিল হয়৷ সম্প্ৰতি যোৱা ২২ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদ উপাচাৰ্য শম্ভুনাথ সিঙৰ অপসাৰণ আৰু দুৰ্নীতি অনিয়মৰ দাবীত উত্তাল হৈ থকাৰ পাছত আজি বিশ্ববিদ্যালয়ৰ চৌহদত আৰম্ভ হৈছে একপ্ৰকাৰ চিপাহী বিদ্ৰোহৰ দৰে পৰিস্থিতিৰ ৷

উল্লেখযোগ্য যে,আজি বিশ্ববিদ্যালয়ত নিয়োজিত নিৰাপত্তাৰক্ষী সকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ত ইয়াৰ পূৰ্বে গৃহৰক্ষী বাহিনীৰ জোৱানৰ দ্বাৰাই নিৰাপত্তাৰ দিশটো তদাৰক কৰা হৈছিল৷ কিন্তু উপাচাৰ্য হিচাপে শম্ভুনাথ সিঙে যোগদান কৰাৰ পাছতে উত্তৰ প্ৰদেশৰ জিডিএক্স চিকিউৰিটি ছলিউছন লিমিটেড নামৰ প্ৰতিষ্ঠানটোক বিশ্ববিদ্যালয়খনৰ নিৰাপত্তা ৰক্ষীৰ ঠিকা আৱন্তন দিয়া হয় ৷ প্ৰণিধানযোগ্য যে, ইয়াৰ পাছতে স্থানীয় লোককে নিৰাপত্তাৰক্ষী হিচাপে মকৰল কৰিলেও মাছৰ তেলৰে মাছ ভজাৰ দৰে ইয়াৰ বিপৰীতে বৃহৎ অংকৰ ধন আদায় কৰি আহিছে জিডিএক্স নামৰ বহিৰাজ্যৰ প্ৰতিষ্ঠানটোৱে৷

ইপিনে নিৰাপত্তাৰক্ষী নিয়োগৰ ক্ষেত্ৰত মইমতালি প্ৰদৰ্শন কৰা কোম্পানীটোৱে নিৰাপত্তা কৰ্মীসকলে পূৰ্বে লাভ কৰা সা সুবিধাও কৰ্টন কৰাৰ অভিযোগ উঠিছে৷ আজি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা চিকিউৰিটি গাৰ্ড সকলে শীঘ্ৰেই তেওঁলোকৰ ক্ষেত্ৰত অব্যাহত অন্যায় তথা অনিয়ম দূৰ কৰাৰ দাবী উত্থাপন কৰিছে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande