জিঅ টেগিংৰ পৰা বঞ্চিত হোৱাক লৈ কলিয়াবৰৰ দক্ষিণ ভেলুগুৰিত ৰাইজৰ প্ৰতিবাদ
কলিয়াবৰ সমষ্টিৰ লাঁওখোৱা পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ ভেলুগুৰিত ৰাইজৰ প্ৰতিবাদ।
জিঅ টেগিংৰ পৰা বঞ্চিত হোৱাক লৈ কলিয়াবৰৰ দক্ষিণ ভেলুগুৰিত ৰাইজৰ প্ৰতিবাদ


নগাঁও, ১১ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ লাঁওখোৱা পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ ভেলুগুৰিত ৰাইজসকল আজি প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাক লৈ প্ৰতিবাদমুখৰ হৈ পৰে । লাওখোৱা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ জিঅ টেগিঙৰ পৰা বঞ্চিত হৈছে শ শ যোগ্য হিতাধীকাৰী। দায়িত্বত থকা আত্মসহায়ক গোটৰ জীৱিকা সখী পম্পী মণ্ডলৰ গাফিলতিৰ বাবেই জিঅ টেগিঙৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ইফালে জিঅ টেগিংৰ নামত পম্পী মণ্ডলে ৰাইজৰ পৰা মিঠাই খোৱাৰ নামত ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে। বঞ্চিত লোকৰ পৰা পম্পী মণ্ডলে বিচাৰিছিল ধন, ধন নিদিয়াৰ বাবেই জিঅ টেগিঙৰ পৰা বঞ্চিত হ'ল দৰিদ্ৰ পৰিয়াল। বঞ্চিত লোকে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক পুনৰ জিঅ টেগিং ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ জনাইছে। ইয়াৰ লগতে জিৱিকা সখীৰ দায়িত্বত থকা পম্পী মণ্ডলৰ বিৰুদ্ধে বিহিত ব্যাৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে ক্ষোভিত ৰাইজসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande