দৰং, ১১ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ তদন্ত, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাজ্য়ৰ বিভিন্ন স্থানত প্ৰতিবাদ অব্য়াহত আছে। জুবিন গাৰ্গ হত্যাৰ ন্যায়ৰ দাবীত যোৱা কালি শুকুৰবাৰে সন্ধিয়া মঙলদৈ কংগ্ৰেছে মম শিখা সমদল বাহিৰ কৰে ৷ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এই প্ৰতিবাদী সমদল বাহিৰ কৰে ৷মঙলদৈ গান্ধী ময়দানৰ পৰা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি দৰং জিলা কংগ্ৰেছৰ উদ্যোগত মমশিখা সমদল উলিয়ায় ৷ দৰং জিলা কংগ্ৰেছ সভানেত্ৰীৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে প্ৰতিবাদী সমদলত ৷
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ