নগাঁৱ, ১১ অক্টোবৰ (হি.স.)। ঝাৰখণ্ডত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত শ্বহীদ হব লগীয়া হই কামপুৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ। ১০ অক্টোবৰত ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চিআৰপিএফ)ৰ জোৱান জন । শনিবাৰে নিশা চিআৰপিএফ ৰ ৬০ বেটেলিয়নৰ হাবিলদাৰ, জিডি মহেন্দ্ৰ লস্কৰে চিকিৎসালয়ত মৃত্যুক সাৱটি লয় ।
লক্ষনীয় যে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ একাংশ জোৱানে শুকুৰবাৰে ঝাৰখণ্ডৰ পশ্চিম শিংভুম জিলাৰ জৰাইখেলা আৰক্ষী থানাৰ সমীপত বাবুডেৰা চামটা অঞ্চলত মাওবাদী বিৰোধী অভিযানৰ সময়ত অসমৰ নগাৱঁ জিলাৰ কামপুৰৰ মহেন্দ্ৰ লস্কৰ আইইডি বিস্ফোৰণত গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হৈছিল। আঘাটপ্ৰাপ্ত চিআৰপিএফৰজোৱান জনক চিকিতসাৰ বাবে ৰউৰকেল্লা স্থিত চিকিসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিতসালয়ত তেও মৃত্যুমুখত পৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা