বাক্সাৰ ৰাঙাপানীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত এজন
বাক্সা, ১১ অক্টোবৰ (হি.স.)। বাক্সাৰ ৰাঙাপানীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। বুলেট আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত বুলেট আৰোহী জনৰ বিপৰীতে সংকটজনক অৱস্থাত আন এজন । নিহত যুৱক জনক পূৱ কামাৰদৈচাৰ বিৰফুং ব্ৰহ্ম (২২)বুলি জানিব পৰ
বাক্সাৰ ৰাঙাপানীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত এজন


বাক্সা, ১১ অক্টোবৰ (হি.স.)। বাক্সাৰ ৰাঙাপানীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। বুলেট আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত বুলেট আৰোহী জনৰ বিপৰীতে সংকটজনক অৱস্থাত আন এজন । নিহত যুৱক জনক পূৱ কামাৰদৈচাৰ বিৰফুং ব্ৰহ্ম (২২)বুলি জানিব পৰা গৈছে। আনহাতে মিৰাজ বসুমতাৰী (২৩) সংকটজনক অৱস্থাত চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে।

নিহত যুৱক বিৰফুং ব্ৰহ্ম কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ আৰু আহত মিৰাজ বসুমতাৰী চুলি কটা নাপিত। দুয়োজনে নিশা বাক্সাৰ শিমলাত লক্ষ্মী পূজা চাবলৈ আহি থকাৰ বাটতেই সংঘটিত হয় দুৰ্ঘটনা। নিশাই ঘটনাস্থলীত শিমলা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে দুৰ্ঘটনাৰ তদন্ত।

উল্লেখ্য যে উক্ত স্থানতেই পূৰ্বতে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল।

ইফালে নিহত যুৱক বিৰফুং ব্ৰহ্মৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে। যুৱকজনৰ অকাল মৃত্যুত নিজ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande