নগাঁৱ, ১১ অক্টোবৰ (হি.স.)। কামপুৰৰ পুৰণা ১ নং ৰেল গেটৰ সমীপত অঘটন । চলন্ত ৰেলৰ খুন্দাত থিতাতে নিহত এজন লোক । উজনিমুৱা ৰেলৰ খুন্দাত লোকজন নিহত হোৱাৰ সন্দেহ । নিহত লোকজনক কলাইখোৱাৰ পদুম শৰ্মা বুলি চিনাক্ত কৰা হৈছে । শৰ্মা মানসিক বিকাৰগ্ৰস্ত আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।
অৱশ্য়ে নিহত লোকজনে আত্মহত্য়া কৰিছে নে দুৰ্ঘটনাবশত নিহত হৈছে সেইটো বৰ্তমানো স্পষ্ট হোৱা নায়। লোকজন নিহত হোৱাৰ কিছু সময় পুৰ্বে অঞ্চলটোৰ একাংশ লোকে নিহত লোকজনক ৰেল আলিৰে তীব্ৰ বেগত খোজ কাঢ়ি যোৱা প্ৰত্যক্ষ কৰিছিল।কিছু সময় পিছতে তীব্ৰ বেগী ৰেলৰ খুন্দাত লোকজন নিহত হৈছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা