হোজাই, ১১ অক্টোবৰ (হি.স.)। লংকাত ১০ টা ড্ৰাগছ কন্টেইনাৰসহ এজন সৰবৰাহকাৰীক আটক কৰিব সক্ষম হই লংকা থানাৰ অভিযানকাৰী আৰক্ষীৰ দলে। পশ্চিম লংকাগাওঁ আমতলাৰ পৰা আটক ড্ৰাগচ সৰবৰাহকাৰী জনক।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সূত্ৰৰ পম খেদি লংকা আৰক্ষী চলাইছিল উক্ত ড্ৰাগছ বিৰোধী অভিযান। লংকা আৰক্ষীয়ে খেদি খেদি আটক কৰে সৰবৰাহকাৰী জনক।অভিযানত ড্ৰাগচসহ আটক কৰা হয় নুৰ হুছেইন নামৰ ড্ৰাগচ সৰবৰাহকাৰী জনক। লগতে ঘটনা সন্দৰ্ভত আটকাধীন লোকজনক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ড্ৰাগচ সৰবৰাহকাৰী জনে দিৰ্ঘদিনৰ পৰাড্ৰাগছৰ ৰমৰমীয় বেহা চলাই আহিছিল। অঞ্চলটোৰ একাধিক যুৱ প্ৰজম্ম ড্ৰাগছৰ কৰাল গ্ৰাসত সোমাই ইতিমধ্য়ে পংগু জীৱন অতিবাহিত কৰা বুলি আৰক্ষীৰ অভিযানকাৰী দলটোৰ সদস্য় এগৰাকী সদস্য়ই সংবাদ মাধ্যমক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ