নগাঁও, ১১ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীযে ড্ৰাগছ বিৰুদ্ধে মাৰাথান অভিযান অব্যাহত ৰাখিছে । একেদিনাই ৰূপহী টাউন আৰু ৰূপহী নতুন বজাৰত পৃথক পৃথক অভিযানত ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ আৰু ২০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে। এই সন্দৰ্ভত এগৰাকী মহিলাসহ দুজন লোকক আটক কৰা হৈছে।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ড্ৰাগছ বিৰুদ্ধে আজি ৰূপহী টাউন আৰু ৰূপহী নতুন বজাৰত পৃথক পৃথক অভিযান চলাইছিল। ইয়াৰে ৰূপহী টাউনৰ খালেদা বেগমৰ পৰা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। আনহাতে ৰূপহী নতুন বজাৰৰ ছামছুল হকৰ পৰা ২০টাকৈ কন্টেনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১৫.৬৩ গ্ৰাম বুলি কোৱা হৈছে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ