টিংখাং মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
ডিব্ৰুগড়, ১১ অক্টোবৰ (হি.স.)। টিংখাং মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ। টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত তথা অসমীয়া সাহিত্য সন্মিলনীৰ সহযোগত ১০ আৰু ১১ অক্টোবৰত দ
টিংখাং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় আলোচনা সত্র


টিংখাং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় আলোচনা সত্র


ডিব্ৰুগড়, ১১ অক্টোবৰ (হি.স.)। টিংখাং মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ। টিংখাং মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যুটীয়া উদ্যোগত তথা অসমীয়া সাহিত্য সন্মিলনীৰ সহযোগত ১০ আৰু ১১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰ খনৰ আজি সামৰণি পৰে। আলোচনা চক্ৰ অনুষ্ঠানত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্যত প্রকৃতি আৰু পৰিবেশ' (Nature and Environment in the Literature of North-East India) শীর্ষক বিষয়ৰ ওপৰত বিস্ৃতত আৰু মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়।

প্ৰকৃতিৰ সেউজীয়া আবেষ্টনিৰে চহকী উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ সাহিত্যত জোনাকী যুগৰ পৰা বৰ্তমানলৈকে প্ৰকৃতিয়ে কেনেদৰে প্ৰাধান্য লাভ কৰি আহিছে এই সন্দৰ্ভত বিস্তাৰিত ৰূপত আলোচনা মুকলি কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ কৰবী ডেকা হাজৰিকাই। আনহাতে প্ৰকৃতি তথা পৰিৱেশক সমল হিচাপে লৈ অসমীয়া সাহিত্যৰ কাণ্ডাৰী সকলে কেনেদৰে অসমীয়া সাহিত্যৰ পাঠক সকলক সাহিত্যৰ এক অনবদ্য স্বাদ প্ৰদান কৰি আহিছে এই সন্দৰ্ভত মনোজ্ঞ আলোচনা আগবঢ়ায় টিংখাং মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখিকা ড০ জ্যোতিমালা গোঁহাই ফুকনে। আলোচনা চক্ৰত বিশিষ্ট লেখক, সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ দিলীপ বৰা , টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৌচুমী গগৈ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা তথা গৱেষক সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande