ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপঃ হিমাংশু জাখৰে ভংগ কৰিলে নীৰজ চোপ্ৰাৰ মিটৰ অভিলেখ
ভুৱনেশ্বৰ, ১১ অক্টোবৰ (হি.স.)। ভূৱনেশ্বৰৰ কলিংগা ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত শুকুৰবাৰে এছিয়ান ১৮ বছৰ অনুৰ্ধ চেম্পিয়ন হিমাংশু জাখৰে ষ্টাৰ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ ১১ বছৰীয়া মিটৰ অভিলেখ ভংগ কৰে। এই আকৰ্ষণীয়
नीरज चोपड़ा के स्थान हिमांशु


ভুৱনেশ্বৰ, ১১ অক্টোবৰ (হি.স.)। ভূৱনেশ্বৰৰ কলিংগা ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত শুকুৰবাৰে এছিয়ান ১৮ বছৰ অনুৰ্ধ চেম্পিয়ন হিমাংশু জাখৰে ষ্টাৰ জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ ১১ বছৰীয়া মিটৰ অভিলেখ ভংগ কৰে। এই আকৰ্ষণীয় প্ৰদৰ্শনেৰে হিমাংশুৱে ২০২৬ চনৰ ২০ বছৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপতো যোগ্যতা অৰ্জন কৰে।

এপ্ৰিল মাহত ছৌদি আৰৱত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ৬৭.৫৭ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰা হিমাংশুৱে এইবাৰ প্ৰচণ্ড উন্নতি দেখুৱাই পুৰুষৰ ১৮ বছৰ অনুৰ্ধৰ অৰ্হতা ৰাউণ্ডত ৭৯.৯৬ মিটাৰ থ্ৰ’ৰ ৰেকৰ্ড গঢ়িছিল। এইটো কেৱল বিশ্ব ২০ বছৰ অনুৰ্ধৰ অৰ্হতা চিহ্ন (৬৮.৫০ মিটাৰ)তকৈ উন্নত হোৱাই নহয়, ২০১৪ চনত বিজয়াৱাড়াত স্থাপন কৰা নীৰজ চোপ্ৰাই ৭৬.৫০ মিটাৰৰ অভিলেখতকৈও তিনি মিটাৰ আগত আছিল।

একেখন প্ৰতিযোগিতাতে মোহিত চৌধাৰীয়ে ২০ বছৰ অনুৰ্ধ পুৰুষৰ ৫০০০ মিটাৰ দৌৰত ১৪:০৯.৭১ ছেকেণ্ড সময়েৰে এক নতুন মিট অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইফালে ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ শ্বট পুট অৰ্হতাত ১৩.২৬ মিটাৰ থ্ৰ’ৰে অলকা সিঙৰ ৰাষ্ট্ৰীয় অভিলেখ (১৩.১০ মিটাৰ) অতিক্ৰম কৰে এলিছ বিকালে।

এই প্ৰদৰ্শনে দেশৰ কনিষ্ঠ খেলুৱৈসকলৰ আকৰ্ষণীয় উত্থানৰ ইংগিত দিয়ে, যিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতি নতুন আশাৰ সঞ্চাৰ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande