৫ নৱেম্বৰৰ পৰা নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ
৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হব শ্ৰীশ্ৰী হৰি মন্দিৰ নলবাৰীৰ ৰাস মহোৎসৱ ।
৫ নৱেম্বৰৰ পৰা নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ


নলবাৰী, ১১ অক্টোবৰ (হি.স.): সমাগত ৰাস মহোৎসৱ । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ শ্রীশ্রীহৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হব ৰাস মহোৎসৱ। ৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী হৰি মন্দিৰ নলবাৰীৰ ৰাস মহোৎসৱ । এইবাৰ নলবাৰী ৰাস মহোৎসৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ’ব। অহা ৭ নৱেম্বৰত নলবাৰী ৰাস মহোৎসৱে নলবাৰী গৰ্ডন ফিল্ডত প্ৰায় ১০০০০ শিল্পী অনুৰাগীয়ে একলগে পৰিবেশন কৰিব জুবিন গাৰ্গৰ গীত । শিল্পী দিগন্ত ভাৰতীৰ পৰিচালনাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । নলবাৰী ৰাস মহোৎসৱৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই কথা সদৰি কৰে।

উল্লেখ্য় যে ঐতিহ্যমণ্ডিত নলবাৰী শ্রীশ্রীহৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ অহা পৱিত্র ৰাস মহোৎসৱ এইবছৰো সুচাৰুৰূপে উদযাপন কৰাৰ উদ্দেশ্যে শুকুবাৰে নিশা শ্ৰী শ্ৰী হৰিমন্দিৰ পৰিচালনা সমিতি তথা নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্রীশ্রীহৰি মন্দিৰ পৰিচালনা সমিতি, ৰাস মহোৎসৱ পৰিচালনা সমিতি আৰু আন আন উপ-সমিতিসমূহৰ সদস্যসকলৰ সৈতে মহোৎসৱৰ আটাইবোৰ দিশৰ ওপৰত আলোচনা কৰে। লগতে ঐতিহ্যমণ্ডিত এই ৰাস মহোৎসৱ সুকলমে সম্পন্ন হ'বলৈ সকলোৰে সহায়-সহযোগিতা তেখেতে কামনা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande