ভাৰত ভুটান সীমান্তবৰ্তী বাক্সাৰ বাগানপাৰা গেৰুৱাত বন্য হস্তীয়ে ভাঙিলে বাসগৃহ
বাক্সা, ১১ অক্টোবৰ (হি.স.)। ভাৰত ভুটান সীমান্তবৰ্তী বাক্সাৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাট ক্ৰমাত বৃদ্ধি পাব ধৰিছে ৷ বন্য হস্তীৰ জাক আহি তচ নচ কৰিছে ঘৰ দুৱাৰ বাৰী বস্তি আদি ৷ একপ্ৰকাৰ ত্ৰাহি মধুসুদন সুমৰিব লগা হৈছে বাক্সাৰ উত্তৰ অঞ্চলৰ লো
ভাৰত ভুটান সীমান্তবৰ্তী বাক্সাৰ বাগানপাৰা গেৰুৱাত বন্য হস্তীয়ে ভাঙিলে বাসগৃহ


বাক্সা, ১১ অক্টোবৰ (হি.স.)। ভাৰত ভুটান সীমান্তবৰ্তী বাক্সাৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাট ক্ৰমাত বৃদ্ধি পাব ধৰিছে ৷ বন্য হস্তীৰ জাক আহি তচ নচ কৰিছে ঘৰ দুৱাৰ বাৰী বস্তি আদি ৷ একপ্ৰকাৰ ত্ৰাহি মধুসুদন সুমৰিব লগা হৈছে বাক্সাৰ উত্তৰ অঞ্চলৰ লোক ৷ প্ৰায়বোৰ অঞ্চলত ৰাইজে পাল পাতি পহৰা দি উজাগৰী নিশা পাৰ কৰিব লগা হৈছে ৷

বন্য হস্তীৰ এই সন্ত্ৰাসৰ মাজতে বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱাত কালি পুনৰ বন্যহস্তীয়ে উপদ্ৰৱ চলায়। বন্য হস্তীয়ে কেবাটাও বাস গৃহ ভাঙি তচ নচ কৰে। বন্য হস্তীৰ সন্তাসৰ ফলতে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে উজাগৰি নিশা কটাবলৈ বাধ্য হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে

যোৱা ৬ অক্টোবৰৰ পুৱতি নিশা এগৰাকী মহিলাক বন্যহস্তীয়ে মৰিয়াই হত্যা কৰিছিল।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande