গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি
গোৱালপাৰা, ১১ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ বন্যহস্তীৰ উপদ্ৰপে তীব্ৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত ৷ জিলা খনৰ কৃষ্ণাইৰ নিকটৱৰ্তী শালপাৰা গাঁৱৰ নিশা ৪ জনীয়া এজাক বনৰীয়া হাতীয়ে ১০/১৫ বিঘা খেত
গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি


গোৱালপাৰা, ১১ অক্টোবৰ (হি.স.)। গোৱালপাৰা জিলাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ বন্যহস্তীৰ উপদ্ৰপে তীব্ৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত ৷

জিলা খনৰ কৃষ্ণাইৰ নিকটৱৰ্তী শালপাৰা গাঁৱৰ নিশা ৪ জনীয়া এজাক বনৰীয়া হাতীয়ে ১০/১৫ বিঘা খেতিপথাৰ বিনষ্ট কৰাৰ লগতে গাঁৱখনত প্ৰৱেশ কৰি তিনিটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে ৷ ইয়াৰে প্ৰথমে সুমিত্ৰা ৰাভা নামৰ মহিলা গৰাকীৰ এটা পকীঘৰ আৰু পাকঘৰ ভাঙি তচনচ কৰে ৷ তাৰ পাছতে ঘৰৰ ভিতৰত থকা পালেং, আলনা, কাপোৰ কানি, আজৱাব- পত্ৰ, বাচন-বৰ্তন, চিলাই মেচিন ভাঙি তচনচ কৰিছে ৷ বন্যহস্তীয়ে বাসগৃহত আক্ৰমণ কৰাৰ সময়ত পৰিয়ালৰ লোক সকলে কথমপি প্ৰাণ ৰক্ষা কৰি ঘৰৰ পৰা পলাবলৈ সক্ষম হৈছে ৷

ইফালে একেখন গাঁৱৰে উৰ্মিলা ৰাভা আৰু সুৱৰ্ণ ৰাভা নামৰ দুই পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি সা-সম্পত্তি বিনষ্ট কৰে বন্যহস্তীয়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande