পেৰিছ, ১১ অক্টোবৰ (হি.স.)। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে সন্ধিয়া চেবাষ্টিয়ান লেকৰ্ণুক প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিযুক্তি দিয়ে। এই নিযুক্তি সোমবাৰে তেওঁৰ পদত্যাগ স্বীকাৰ কৰাৰ চাৰিদিন পিছত দিয়া হৈছে।
ৰাষ্ট্ৰপতিৰ কাৰ্যালয় এলিচি পেলেছে জাৰি কৰা এক বিবৃতি অনুসৰি লেকৰ্ণুক নতুন চৰকাৰ গঠনৰ দায়িত্ব দিয়া হৈছে। পুনৰ নিযুক্তিৰ পিছত লেকৰ্ণুৱে ছ’চিয়েল মিডিয়াত কয় যে ৰাজনৈতিক সংকটে জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি কৰিছে আৰু ফ্ৰান্সৰ ভাবমূৰ্তি আৰু স্বাৰ্থৰ ক্ষতি কৰিছে। ইয়াৰ অন্ত পৰিবই লাগিব। বছৰৰ শেষৰ ফালে ফ্ৰান্সৰ বাবে বাজেট নিশ্চিত কৰিবলৈ তেওঁ সকলো কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখযোগ্য যে মেক্ৰনৰ নিযুক্তিৰ এমাহ নৌহওঁতেই আৰু আংশিক কেবিনেট তালিকা প্ৰকাশ কৰাৰ এদিন পিছত সোমবাৰে লেকৰ্ণুৱে পদত্যাগ কৰে। ইফালে মেক্ৰনৰ এই পদক্ষেপে ফ্ৰান্সৰ সংসদীয় অস্থিৰতাক প্ৰতিফলিত কৰিছে, য’ত মেক্ৰন চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাই বাজেট গৃহীত কৰাত অসুবিধাৰ সন্মুখীন হৈছে। বিশেষজ্ঞসকলৰ মতে লেকৰ্ণুৱে নতুন চৰকাৰ গঠন কৰিবলৈ বিৰোধী দলৰ সমৰ্থন লাভ কৰিব লাগিব।
हिन्दुस्थान समाचार / অৰৱিন্দ