নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। ভাৰতৰ বাণিজ্য নীতিৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে ২০২৪ চনৰ ১০ মাৰ্চত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ-TEPA) ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়। ইয়ে ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ আৰু ১০ লাখ চাকৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছে।
দেশৰ অন্যতম অভিলাষী বাণিজ্য চুক্তি বুলি গণ্য কৰা ই এফ টি এৰ সদস্য দেশসমূহে অহা ১৫ বছৰত ভাৰতলৈ ১০০ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) আকৰ্ষণ কৰি ১০ লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এনে বাধ্যতামূলক প্ৰতিশ্ৰুতি নিয়ন্ত্ৰণ কৰা এয়া ভাৰতৰ প্ৰথম এফ টি এ। যিকোনো ভাৰতীয় এফটিএত প্ৰথম এই বাধ্যতামূলক প্ৰতিশ্ৰুতিই চুক্তিখনে উৎপাদন, উদ্ভাৱন, আৰু গৱেষণাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী, সামৰ্থ্য বিকাশকাৰী বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ মতে, ১৪টা অধ্যায়ৰে গঠিত টেপাই সামগ্ৰীৰ বজাৰত প্ৰৱেশ, বাণিজ্যৰ সুবিধা, বিনিয়োগ প্ৰসাৰ, সেৱা, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ), আৰু বহনক্ষম উন্নয়ন আদি মূল ক্ষেত্ৰসমূহ সামৰি লৈছে। ই ভাৰত আৰু এই ইউৰোপীয় দেশসমূহৰ মাজত গভীৰ অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলি বৈচিত্ৰময়, শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে ইএফটিএৰ প্ৰচেষ্টাৰ সৈতে ভাৰতৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সংমিশ্ৰণ ঘটায়।
টিইপিএ কি?
টিইপিএ বা টেপা (বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি) হৈছে এক আধুনিক আৰু অভিলাষী চুক্তি যিয়ে ভাৰতে স্বাক্ষৰিত যিকোনো মুক্ত বাণিজ্য চুক্তি (এফটিএ)ত প্ৰথমবাৰৰ বাবে বিনিয়োগ আৰু চাকৰি সৃষ্টিৰ ওপৰত বাধ্যতামূলক প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰে। এই চুক্তিৰ পৰিসৰে ই এফ টি এৰ চৰকাৰী শুল্ক তালিকাত প্ৰৱেশৰ ৯২.২ শতাংশ সামগ্ৰী (ভাৰতীয় ৰপ্তানিৰ ৯৯ শতাংশ) সামৰি লৈছে। ই ভাৰতীয় শুল্ক তালিকাত প্ৰৱেশৰ ৮২.৭ শতাংশ (ই এফ টি এৰ ৰপ্তানিৰ ৯৫.৩ শতাংশ) সামৰি লয়, যিয়ে দুগ্ধ, সৰিয়হ, কয়লা, আৰু কৃষিৰ দৰে মূল খণ্ডসমূহক সুৰক্ষা প্ৰদান কৰে। এই চুক্তিয়ে বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰিব, উৎপাদন আৰু উদ্ভাৱনক উন্নীত কৰিব, আৰু প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব। তদুপৰি, সেৱা ৰপ্তানিয়ে ডিজিটেল ডেলিভাৰী, বাণিজ্যিক উপস্থিতি, আৰু পেছাদাৰী গতিশীলতা, আৰু নাৰ্চিং, একাউণ্টেন্সি, আৰু আৰ্কিটেকচাৰৰ দৰে খণ্ডত পাৰস্পৰিক স্বীকৃতি চুক্তি (এম আৰ এ)ৰ দ্বাৰা লাভৱান হ’ব।
ই এফ টি এ কি?
ই এফ টি এ হৈছে আইচলেণ্ড, লিচেনষ্টাইন, নৰৱে, আৰু ছুইজাৰলেণ্ডৰ এটা আন্তঃচৰকাৰী সংস্থা। ১৯৬০ চনত ইয়াৰ তেতিয়াৰ সাতখন সদস্য দেশে পাৰস্পৰিক মুক্ত বাণিজ্য আৰু অৰ্থনৈতিক সংহতিৰ প্ৰসাৰৰ বাবে ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইউৰোপৰ তিনিটা মূল অৰ্থনৈতিক ব্লকৰ ভিতৰত ই এফ টি এ অন্যতম। এইক্ষেত্ৰত বাকী দুটা হৈছে ইউৰোপীয় সংঘ আৰু ব্ৰিটেইন।
हिन्दुस्थान समाचार / অৰৱিন্দ