হোজাই, ১১ অক্টোবৰ (হি.স.): হোজাই জিলা লামডিং সমষ্টিৰ কাকী ৰাম গাওঁ পঞ্চায়তত চৰকাৰী আচঁনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি কাকী ৰামপুৰ পঞ্চায়তৰ ২/৩ গাঁৱৰ অধিকাংশ ৰাইজৰ নাম চৰকাৰী আৱাস গৃহৰ বাবে নিৰ্বাচিত নোহোৱা বাবে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
উল্লেখযোগ্য যে চৰকাৰে চৰকাৰী ঘৰৰ আবেদনৰ বাবে জীৱিকা সখী আৰু হিতাধিকাৰী সকলে আবেদন কৰিব বাবে এটা এপছ মুকলি কৰি দিছিল ।কিন্তু সেই এপছত আবেদন কৰি বহু নাপাব লগা মানুহে চৰকাৰী ঘৰৰ তালিকা ভুক্ত হয় আৰু বহু পাব লগা ৰাইজ বঞ্চিত হ'ব লগা হয়।
ইফালে গাওঁ খনত অৰুণোদয়, মুখ্যমন্ত্ৰী উদ্যমিতা আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন উপযুক্ত হিতাধিকাৰীয়ে লাভ নকৰাৰো অভিযোগ আনিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ