ধুবুৰী, ১১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত চলিছে ৰঙা মাটিৰ কলা বেহা। গৌৰীপুৰ বাঘমাৰা অঞ্চলত অবৈধ ভাৱে পাহাৰ খননকলৈ অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ। পাহাৰ খননৰ বিৰুদ্ধে ওলাই আহিল অঞ্চলবাসী ৰাইজ।
ধুবুৰী জিলাৰ গৌৰীপুৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত বাঘমাৰা গাঁৱত একাংশ ভূ-মাফিয়াই সহজ সৰল গাৰো জনগোষ্ঠী অধ্যুষিত গাঁও খনত ভয় ভাবুকিৰে পাহাৰ খনন কৰি ৰঙা মাটিৰ কলা ব্যৱসায় দীৰ্ঘ দিনৰ পৰাই চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে পানবাৰী ৰঙামাটি কো-অপাৰেটিভ ফাৰ্মিং লিমিটেড নামৰ এখন সমবায় সমিতিৰ নামত ভূমি খিনি পাট্টা ভুক্তিহৈ আছে যদিও স্থানীয় গাৰো জনগোষ্ঠীৰ লোক সকলোয়ে সমবায় সমিতি খনৰ অংশীদাৰ হিচাপে যুগ যুগ ধৰি বসবাস কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত একাংশ অংশীদাৰে সমবায় সমিতি সকলৰ পঞ্জীয়ক কাৰ্য্যালয়ত লিখিত অভিযোগ দিয়াৰ পিছত এই সংক্ৰান্তত তদন্ত চলি আছে।
আনফালে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ চলি থকা সময়তে একাংশ ভূ মাফিয়াই বলপূৰ্বক ভাবে পাহাৰ খনন কাৰ্য্য অব্যাহত ৰখাত স্থানীয় ৰাইজে অতিষ্ঠ হৈ ওলাই আহি পাহাৰ খনন কাৰ্য্য বন্ধ কৰি দিয়ে। আনকি স্থানীয় ৰাইজে অবৈধ মাটি খননৰ বিৰুদ্ধে মুখ খুলিলেই ৰাস্তা ঘাটত দমকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে। ঘটনা সংক্ৰান্তত সাংবাদিকে ঘটনা স্থলীত উপস্থিত হৈ ভিডিঅ কৰিবলৈ কেমেৰা ওলোৱাৰ লগে লগেই ভূ-মাফিয়াই এক্সকেভেটৰ আৰু ডাম্পাৰলৈ পলাই পত্ৰং দিয়ে। ধুবুৰীত বিয়াগোম বন বিভাগ থকা সত্বেও দিনৰ পোহৰত ভূ মাফিয়াই অবৈধ ভাৱে পাহাৰ খনন কৰাৰ কেনেকৈ সাহস পায় সেয়াহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে। ধুবুৰীত ৰঙা মাটিৰ কলা বেহাৰ লগত জড়িত ভূ মাফিয়া সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হৈ পৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ