১৯৪৮ চনৰ লণ্ডন অলিম্পিকৰ স্বৰ্ণ পদক ভাৰতীয় হকীৰ বাবে সদায় বিশেষ হৈ থাকিব : হৰমনপ্ৰীত সিং
নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। ভাৰতীয় ক্ৰীড়া জগতত হকীয়ে সদায় এক বিশেষ স্থান দখল কৰি আহিছে। ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙক আধুনিক যুগৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি গণ্য কৰা হয়, আৰু তেওঁ অতীতৰ সেই গৌৰৱময় মুহূৰ্তবোৰৰ পৰা প্ৰেৰণা ল
भारतीय हॉकी टीम के कप्तान हरमनप्रीत सिंह


নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। ভাৰতীয় ক্ৰীড়া জগতত হকীয়ে সদায় এক বিশেষ স্থান দখল কৰি আহিছে। ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙক আধুনিক যুগৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি গণ্য কৰা হয়, আৰু তেওঁ অতীতৰ সেই গৌৰৱময় মুহূৰ্তবোৰৰ পৰা প্ৰেৰণা লাভ কৰে, যেতিয়া ভাৰতে স্বাধীনতাৰ এবছৰৰ পাছত ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত গ্ৰেট ব্রিটেইনক ৪-০ গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰিছিল ৷ এইটোৱেই আছিল অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰাৰ ঐতিহাসিক অনুষ্ঠান।

সেই সোণালী মুহূৰ্তটো মনত পেলাই হৰমনপ্ৰীত সিঙে হকী ইণ্ডিয়াৰ উদ্ধৃতি অনুসৰি কয়, ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত যেতিয়া ভাৰতে সোণৰ পদক লাভ কৰিছিল, তেতিয়া সমগ্ৰ দেশৰ বাবে গৌৰৱ আৰু আৱেগেৰে ভৰা এটা মুহূৰ্ত আছিল, বিশেষকৈ কাৰণ এই জয় গ্ৰেট বৃটেইনৰ ঘৰুৱা খেলপথাৰত আহিছিল। আমি সেই দিনটোৰ কাহিনী আমাৰ চিনিয়ৰৰ পৰা শুনিছো, আৰু মোৰ বাবে সেই মুহূৰ্তটো গভীৰভাৱে প্ৰেৰণাদায়ক।

টকিঅ’ আৰু পেৰিছ অলিম্পিকত ভাৰতীয় দলটোক একেৰাহে দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাত সহায় কৰা হৰমনপ্ৰীত সিঙেও সেই যুগৰ কিংবদন্তি খেলুৱৈ বলবীৰ সিং ছিনিয়ৰক লগ পোৱাৰ কথাও স্মৰণ কৰে।

তেওঁ কয়, বলবীৰ সিং ছিনিয়ৰ ছাৰক লগ পোৱা আৰু লণ্ডন অলিম্পিকৰ পৰা তেওঁৰ কাহিনী শুনাটো মোৰ জীৱনৰ অন্যতম বিশেষ মুহূৰ্ত আছিল। তেওঁ বৰ্ণনা কৰিছিল যে সেই সময়ত লণ্ডনৰ দৰ্শকে কেনেকৈ ভাৰতীয় দলৰ বাবে হাত চাপৰি বজাই উল্লাস কৰিছিল—এয়া শুনি আজিও মোৰ গাৰ নোম সিঁয়ৰি উঠে। কল্পনা কৰকচোন সেই মুহূৰ্তত খেলুৱৈসকলে নিশ্চয় কিমান আনন্দ অনুভৱ কৰিছিল।

১৯৪৮ চনৰ অলিম্পিকত ভাৰতে গ্ৰুপ পৰ্যায়ত অষ্ট্ৰিয়া, আৰ্জেণ্টিনা আৰু স্পেইনক পৰাস্ত কৰি তাৰ পিছত ছেমি ফাইনেলত নেদাৰলেণ্ডক পৰাস্ত কৰিছিল । আনহাতে ফাইনেলত গ্ৰেট ব্রিটেইনক ৪-০ গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ আজুৰি আনিছিল ৷

এতিয়া হৰমনপ্ৰীত আৰু তেওঁৰ দলৰ দৃষ্টি ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ ওপৰত।

অধিনায়কগৰাকীয়ে কয়, আমি একেৰাহে দুটা অলিম্পিকৰ পদক লাভ কৰিছো আৰু ত্ৰিৰংগাখন ওপৰলৈ উৰি যোৱা দেখিছো, কিন্তু এতিয়া আমাৰ সপোন হৈছে ইয়াক আৰু এখোজ আগুৱাই নিয়া। আমি বিচাৰো যে কিষাণ লাল আৰু বলবীৰ সিং চিনিয়ৰৰ দলটোৱে ১৯৪৮ চনত অভিজ্ঞতা লাভ কৰা ধৰণে অলিম্পিকত জাতীয় সংগীতটো আকৌ এবাৰ বজোৱা হওক। আমি এইখিনি লাভ কৰিবলৈ কোনো ত্ৰুটিৰ সুৰুঙা নাৰাখিম।

হৰমনপ্ৰীতে সামৰণিত কয়, হকী আৰু ভাৰতৰ মাজৰ সম্পৰ্ক ঐতিহাসিক। আমি দেশৰ বাবে নৱম স্বৰ্ণ পদক লাভৰ বাবে চেষ্টা কৰিম। মোৰ বিশ্বাস যে আমাৰ জ্যেষ্ঠ খেলুৱৈসকলৰ আশীৰ্বাদত আমি এই সপোন পূৰণ কৰিম।

অনাগত দিনত হকী ইণ্ডিয়াই আৰু বহুতো এনে প্ৰেৰণাদায়ক কাহিনী শ্বেয়াৰ কৰিব, য’ত বিগত ১০০ বছৰত ভাৰতীয় হকীক বিশ্বৰ মানচিত্ৰত উজ্জ্বল কৰি তোলা কিংবদন্তিসকলৰ কাহিনীও থাকিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande