গুৱাহাটী, ১১ অক্টোবৰ(হি.স.)।তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। গুৱাহাটী ৰাজভৱনৰ পৰা উক্ত বিষয়ে সংবাদ মাধ্যমক অবগত কৰা হৈছে। ইতিমধ্যে তিনিজনীয়া সদস্যৰ তদন্ত সমিতি গঠন কৰা হৈছে। আইআইটি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক দেৱন্দ্ৰ জালিহালৰ নেতৃত্বত গঠিত তদন্তকাৰী সমিতিয়ে শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ কাৰণসমূহ তদন্ত কৰিব।
লক্ষনীয় যে অসমৰ ৰাইজৰ বাবে হিয়াৰ আমঠু সংগীত শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙে জুবিন গাৰ্গ প্ৰসংগত অবাঞ্চিত মন্তব্য কৰিছিল আৰু হু ইজ জুবিন গাৰ্গ বুলি প্ৰশ্ন উত্থাপন কৰিছিল। তেজপুৰ বিশ্ববিদ্যালয় চৌহদত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছিল। পিছত তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছিল। উপাচাৰ্য শম্ভূনাথ সিঙে বিশ্ববিদ্যালয় খন পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন অনিয়মৰ আশ্ৰয় লোৱা আৰু দুৰ্নিটিত লিপ্ত হোৱা বুলি বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই অভিযোগ উত্থাপন কৰিছিল।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ