দক্ষিণ কামৰূপৰ গৰৈমাৰীত ছাত্ৰ নিৰুদ্দেশ
কামৰূপ, ১১ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীত এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ পৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিৰুদ্দিষ্ট ছাত্ৰ গৰাকী ২নং মালিবাৰী পথাৰ গাঁৱৰ আক্কেল আলীৰ পুত্ৰ আব্দুল কালাম বুলি পৰিচয় পোৱা গৈছে ৷ সন্ধানহীন ছাত্ৰ গৰাকীয়ে গৰৈমাৰীৰ ব্ৰহ্মপু
দক্ষিণ কামৰূপৰ গৰৈমাৰীত ছাত্ৰ নিৰুদ্দেশ


কামৰূপ, ১১ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীত এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ পৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিৰুদ্দিষ্ট ছাত্ৰ গৰাকী ২নং মালিবাৰী পথাৰ গাঁৱৰ আক্কেল আলীৰ পুত্ৰ আব্দুল কালাম বুলি পৰিচয় পোৱা গৈছে ৷ সন্ধানহীন ছাত্ৰ গৰাকীয়ে গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ড্ৰীম–৫০ (DREAM—50)ৰ একাদশ শ্ৰেণীত অধ্যয়নৰত আছিল ৷

জানিব পৰামতে, গৰৈমাৰীৰ কানহাৰা গাঁৱৰ ইব্ৰাহিম আলীৰ ঘৰত ছাত্ৰগৰাকী ভাড়াত থাকি গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ড্ৰীম–৫০ত বিজ্ঞান শাখাত অধ্যয়ন কৰি আছিল । ইফালে যোৱা ৯ অক্টোবৰত পৰিয়ালৰ লোকে ছাত্ৰ গৰাকীৰ সৈতে ফোনত যোগাযোগ কৰি নোপোৱাত ছাত্ৰ গৰাকীক বিচাৰি কানহাৰাত উপস্থিত হয় ৷ ইপিনে, ভাড়া ঘৰত তলা লগোৱা অৱস্থাত দেখা পাই পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে ৷

অৱশেষত বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও ছাত্ৰ আব্দুল কালামৰ কোনো সন্ধান উলিয়াব নোৱাৰি ঘটনা সন্দৰ্ভত ১০ অক্টোবৰত গৰৈমাৰী থানাত এজাহাৰ দাখিল কৰে ৷ কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট ছাত্ৰ আব্দুল কালামৰ সম্ভেদ পালে 86386 95289 ম'বাইল নম্বৰত নাইবা স্থানীয় আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande