হাজোত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ জন্ম বাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ
কামৰূপ, ১১ অক্টোবৰ (হি.স.)। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈৰ জন্ম বাৰ্ষিকী উপলক্ষে কামৰূপ জিলা কংগ্ৰেছ আৰু হাজো শুৱালকুচি ব্লক কংগ্ৰেছৰ উদ্যোগত আজি জন্ম বাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ কৰা হয়। হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ
হাজোত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ জন্ম বাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ


কামৰূপ, ১১ অক্টোবৰ (হি.স.)। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা তৰুণ গগৈৰ জন্ম বাৰ্ষিকী উপলক্ষে কামৰূপ জিলা কংগ্ৰেছ আৰু হাজো শুৱালকুচি ব্লক কংগ্ৰেছৰ উদ্যোগত আজি জন্ম বাৰ্ষিকী পালন আৰু ফলমূল বিতৰণ কৰা হয়।

হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰ এফ আৰ ইউত অনুষ্ঠিত কৰা হৈছে জন্ম বাৰ্ষিকী আৰু ফলমূল বিতৰণ। স্বাস্থ্য কেন্দ্ৰ খনৰ ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰি বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ হত্যাৰ উচিত ন্যায়ৰ দাৱী জনাই কংগ্ৰেছ নেতা ভবেশ দাসে। কাৰ্য্যসূচীত উপস্থিত থাকে বন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা কংগ্ৰেছ নেতা ভবেশ দাস,কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী,কংগ্ৰেছ নেত্ৰী গীতালী দাস,অজিৎ ঠাকুৰীয়াকে ধৰি হাজো-শুৱালকুছি ব্লক কংগ্ৰেছৰ দলীয় নেতা কৰ্মী একাংশই অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande