তামুলপুৰত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা
তামুলপুৰ, ১১ অক্টোবৰ (হি.স.)। জিলা স্বাস্থ্য সমিতি, তামুলপুৰৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তামুলপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত বিধানসভা ভিত্তিত আয়োজিত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত এক জিলা পৰ্যায়ৰ কৰ্মশালা জিল
তামুলপুৰত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা।


তামুলপুৰত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা।


তামুলপুৰত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা।


তামুলপুৰ, ১১ অক্টোবৰ (হি.স.)। জিলা স্বাস্থ্য সমিতি, তামুলপুৰৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তামুলপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত বিধানসভা ভিত্তিত আয়োজিত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত এক জিলা পৰ্যায়ৰ কৰ্মশালা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্ত‌ গৰাকীয়ে নিজৰ ভাষণত কয় যে অকল স্বাস্থ্য বিভাগৰেই নহয়, সকলো বিভাগৰ সহযোগত যাতে স্বাস্থ্য মেলাখন সফল হয়, তালৈ আমি সকলোৱে গুৰুত্ব দিব লাগিব। লগতে তেওঁ কয়, ১৮ বছৰৰ তলৰ শিশু সকলক যদি আমি এই মেলাৰ জৰিয়তে সেৱা আগবঢ়াব নোৱাৰো, তেন্তে ভাল সুযোগ এটা হেৰুৱাম। জিলা আয়ুক্ত গৰাকীয়ে ফিনলেণ্ডৰ বিদ্যালয় সমূহত শিশু সকলৰ স্বাস্থ্যৰ কিদৰে যতন লয়, সেই সম্পৰ্কেও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে ২২ অক্টোবৰত তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে তামুলপুৰ ডিগ্ৰী কলেজ আৰু ২৭ অক্টোবৰত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বাবে গোৰেশ্বৰ উঃ মাঃ বিদ্যালয়ত এই মেগা স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব, য'ত ৫০ বিধতকৈও অধিক ৰোগত আক্ৰান্ত ১৮ বছৰ অনূৰ্ধ্ব ছাত্ৰ-ছাত্ৰী তথা ৰোগীসকলে এই শিবিৰত চিকিৎসা সেৱা লাভ কৰিব। মেগা স্বাস্থ্য মেলাত জিলা খনৰ প্ৰায় চাৰি হাজাৰ ১৮ বছৰ অনূৰ্ধ্ব ছাত্ৰ-ছাত্ৰী তথা ৰোগী উপকৃত হ'ব বুলি লক্ষ্য স্থিৰ কৰা হৈছে, যি সকলক শিবিৰলৈ অনা-নিয়াৰ ব্যৱস্থাও কৰ্তৃপক্ষই কৰিব।

এই মেগা স্বাস্থ্য মেলাৰ আগে আগে, অৰ্থাৎ ১৭ আৰু ২৩ অক্টোবৰত ক্ৰমে তামুলপুৰ আৰু গোৰেশ্বৰত ব্লক পৰ্যায়ত মিনি হেল্থ কেম্প অনুষ্ঠিত হ'ব। মেগা হেল্থ কেম্পটো সফল হোৱাৰ ক্ষেত্ৰত এই মিনি হেল্থ কেম্পে যথেষ্টখিনি অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে। তদুপলক্ষে আজি জীৱিকা সখী, অংগনৱাড়ী আৰু আশা ছুপাৰভাইজৰ তথা আৰ বি এছ কে শিক্ষক সকলৰ এই কৰ্মশালা অনুষ্ঠিত হয়। স্বাস্থ্য বিভাগৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ প্ৰশান্ত কুমাৰ দত্ত‌ই সুশৃংখলভাৱে আঁত ধৰা আজিৰ কৰ্মশালাত জিলা প্ৰশাসনৰ বিষয়া সকলৰ উপৰি সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande