দেৰগাঁৱৰ কুৰালগুৰি কছাৰী গাঁৱত উদ্ধাৰ পুৰুষৰ মৃতদেহ
গোলাঘাট, ১১ অক্টোবৰ (হি.স.)। দেৰগাঁৱৰ কাষৰীয়া কুৰালগুৰি কছাৰী গাঁৱত আজি এক চাঞ্চল্যৰ সৃষ্টি হয় । কছাৰী গাঁৱৰ ডাঠ বাহঁনিৰ মাজত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ। তললৈ মুৰ কৰি আঠু কাঢ়ি থকাৰ অৱস্থাত আছে মৃতদেহটো । মৃতদেহটোৰ অৱস্থা প্ৰত্য়ক্ষ কৰি কেইবাদিনৰো প
দেৰগাঁৱৰ কুৰালগুৰি কছাৰী গাঁৱত উদ্ধাৰ পুৰুষৰ মৃতদেহ


গোলাঘাট, ১১ অক্টোবৰ (হি.স.)। দেৰগাঁৱৰ কাষৰীয়া কুৰালগুৰি কছাৰী গাঁৱত আজি এক চাঞ্চল্যৰ সৃষ্টি হয় । কছাৰী গাঁৱৰ ডাঠ বাহঁনিৰ মাজত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ। তললৈ মুৰ কৰি আঠু কাঢ়ি থকাৰ অৱস্থাত আছে মৃতদেহটো । মৃতদেহটোৰ অৱস্থা প্ৰত্য়ক্ষ কৰি কেইবাদিনৰো পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষী বিষয়া গৰাকী।

ইয়াৰ পুৰ্বে মৃতদেহটো প্ৰত্য়ক্ষ কৰি দেৰগাও আৰক্ষীক অবগত কৰিছিল এগৰাকী স্থানীয় ব্যক্তি। ঘটনাটোৰ বিষয়ে অবগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল ডেৰগাও আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া সহ এটা দল। মৃতদেহটো উদ্ধাৰ কৰি মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে মৃতদেহটো গোলাঘাট অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃতদেহটোৰ কাষত উদ্ধাৰ এটা মোবাইল ফোন। বৰ্তমানো উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয় । দেৰগাঁও আৰক্ষী আৰু প্ৰশাসনিক বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande