মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ
গুৱাহাটী, ১১ অক্টোবৰ (হি.স.)। শুকুৰবাৰে নিশা ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ গাঁও ডিমৰীয়াত শোকাৱহ ঘটনা ।মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ। গাঁও ডিমৰীয়াৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যকৰ পৰ
মালয়বাৰীৰ গাঁও ডিমৰীয়াত শোকাৱহ ঘটনা


মালয়বাৰীৰ গাঁও ডিমৰীয়াত শোকাৱহ ঘটনা


গুৱাহাটী, ১১ অক্টোবৰ (হি.স.)। শুকুৰবাৰে নিশা ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ গাঁও ডিমৰীয়াত শোকাৱহ ঘটনা ।মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ। গাঁও ডিমৰীয়াৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰত কোনো নথকা অৱস্থাত মৃত্যু হয় কিশোৰী গৰাকীৰ।

কিশোৰী গৰাকী মুমূৰ্ষ অৱস্থাত দেখি হতবাক হৈ পৰে পিতৃ মাতৃ। মৃতদেহৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ।যাৰ বাবে এই মৃত্যু স্বাভাৱিক নহয় বুলি দাবী পৰিয়ালৰ লোকৰ। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এইটো এক পৰিকল্পিত হত্যাকাণ্ড হব পাৰে বুলি সংবাদ মাধ্যমক অবগত কৰে।

উক্ত ঘটনাৰ সৈতে মৰিগাঁওৰ বহা বৰপাকৰ অপূৰ্ব মল্লিক নামৰ এজন যুৱকক সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে কিশোৰী গৰাকী ডিমৰীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। মৃত কিশোৰী গৰাকী গাঁও ডিমৰীয়াৰ মনধন সৰকাৰৰ জ্যেষ্ঠ কন্যা অস্মিতা সৰকাৰ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande