বিশ্বনাথ, ১১ অক্টোবৰ (হি.স.): সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৫ নবেম্বৰত চতুৰ্দশ সংখ্যক মৃত্যুদিৱস ৷ প্ৰতি বছৰৰ দৰে এইবাৰো পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুদিৱসৰ দিনটোক লৈ উদযাপন কৰিব চতুৰ্দশ সংখ্যক “ সমন্বয়ৰ দিন” ৷
পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বালিচাং শাখা ছাত্ৰ সন্থাৰ লগতে ভীমাজুলি-দিলীচাংবাসী ৰাইজৰ সহযোগত হ'বলগীয়া সমন্বয়ৰ দিনটোক উদযাপন কৰিবৰ বাবে চলি আছে এতিয়া ব্যাপক প্ৰস্তুতি ৷ এসময়ত সন্ত্ৰাসজৰ্জৰ এলেকা হিচাবে খ্যাত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ মৃত্যুদিৱস উপলক্ষে উদযাপন কৰা সমন্বয়ৰ দিন ৷ অহা ৫ আৰু ৬ নবেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে উদযাপন সমিতিৰ লগতে বিভিন্ন উপসমিতি ৷
অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ বাহাদুৰ ছেত্ৰীক সভাপতি আৰু হেমন্ত নেৱাৰ আৰু গগন কলিতাক যুটিয়া সম্পাদক হিচাবে দায়িত্ব অৰ্পণ কৰি এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ ইয়াৰ উপৰিও অনুষ্ঠিত হোৱা সভাত কেইবাটাও উপসমিতি গঠন কৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে সভাৰ সিদ্ধান্ত অনুসৰি অহা ১২ অক্টোবৰ তাৰিখে মাংগলিক নীতি নিয়মেৰে লাইখুটা স্থাপন কৰা হ'ব। মুল অনুষ্ঠানটোৰ লগতে লাইখুটা স্থাপনৰ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া সকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ