নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শনিবাৰে কোভিড মহামাৰীৰ সময়ত কৰ্তব্য পালন কৰি প্ৰাণ হেৰুওৱা ১১ জন চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক এক কোটি টকাকৈ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এয়া কেৱল আৰ্থিক সাহায্য নহয়, তেওঁলোকৰ প্ৰতি আমাৰ গভীৰ কৃতজ্ঞতা আৰু বিনম্ৰ শ্ৰদ্ধাঞ্জলি। এই সাহসী কৰ্মবীৰসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱা আমাৰ হৃদয়ত সদায় অমৰ হৈ থাকিব আৰু ভৱিষ্যত প্ৰজন্মতো কৰ্তব্য, মমতা, সমৰ্পণৰ প্ৰেৰণা যোগাই থাকিব।
দিল্লী সচিবালয়ত অনুষ্ঠিত এক সাধাৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে কোনো চৰকাৰে এজন ব্যক্তিৰ জীৱনৰ মূল্য ঘূৰাই দিব নোৱাৰে, কিন্তু এনে পৰিয়ালে যাতে সম্ভৱপৰ সকলো সাহায্য লাভ কৰে সেয়া নিশ্চিত কৰাটো চৰকাৰৰ কৰ্তব্য।
মুখ্যমন্ত্রী শৰ্মাই কয় যে ক’ভিড কালত নিজৰ কর্তব্যৰ প্রতি দায়বদ্ধতা প্রদর্শন কৰা এই বীৰ কৰ্মীসকলৰ পৰিয়ালে এতিয়া মৰ্যাদাৰে প্রাপ্য লাভ কৰাটো দিল্লী চৰকাৰৰ বাবে গৌৰৱৰ বিষয় ৷ মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে যে দিল্লী চৰকাৰে সদায় মানুহ প্রথমৰ নীতিকে নিজৰ কামৰ ভেটি হিচাপে লৈ আহিছে ৷ তেওঁ উল্লেখ কৰে যে চৰকাৰে এই পৰিয়ালসমূহৰ কাষত কেৱল আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰতে নহয়, অন্যান্য প্ৰয়োজন আৰু প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰতো থিয় দিব। এই উপলক্ষে দিল্লী চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী ৰবিন্দৰ ইন্দেৰাজ সিঙো উপস্থিত থাকে।
মুখ্যমন্ত্রীয়ে আজি প্ৰয়াত কর্মীসকলৰ পৰিয়াললৈ অনুগ্রহ ধনৰাশি প্রদান কৰাসকলৰ ভিতৰত আছিল নংগথনলিয়ান (বাণিজ্য আৰু কৰ বিভাগ), ৰাজবালা গৰ্গ (জিটিবি হাস্পতাল) ববিতা (চিবিপিএচিএছ), ৰোহণ যোশী (এমচিডি), ডা০ ৰবিন্দৰ কুমাৰ গোৱেল (ডিজিএইচএছ), অনিয়ম্মা ৰেদী (এমএএমচি), বিশ্বজিত দাস (ডিটিচি), ৰাজেশ কুমাৰ (শিক্ষা বিভাগ), ডা০ নবীন ৰাম (বি এছ এফ), ডাঃ বিজয় সিং ৰাজন (বি এছ এফ) আৰু অৰুণ ছুদ (ডি এইচ এছ)। এই বীৰ কৰ্মীসকলৰ নিষ্ঠা আৰু সেৱা দিল্লীৰ ইতিহাসৰ উজ্জ্বল অধ্যায়ত লিপিবদ্ধ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ