body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}.cf2{font-family:Consolas;font-size:14pt;}.cf3{font-weight:bold;font-family:Consolas;font-size:14pt;} अफगान मंत्री की प्रेस कॉन्फ्रेंस में भारत सरकार की कोई भूमिका नहीं कसरकार बोली- अफगान मंत्री की प्रेस कॉन्फ्रेंस में भारत सरकार की कोई भूमिका नहीं–আফগান মন্ত্ৰীৰ সংবাদমেলক লৈ ভাৰত চৰকাৰৰ কোনো লেনডেন নাই: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
নতুন দিল্লী, ১১ অক্টোবৰ (হি.স.)। আফগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে ইয়াত অনুষ্ঠিত সংবাদমেলত মহিলা সাংবাদিকক অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা সন্দৰ্ভত মহিলা সাংবাদিকসকলক ৰাষ্ট্ৰৰ গৌৰৱ বুলি অভিহিত কৰি কংগ্ৰেছ নেতাসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ দাবী কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই এই ঘটনা মহিলাৰ অপমান বুলি অভিহিত কৰি চৰকাৰৰ পৰা উত্তৰ দাবী কৰাৰ বিপৰীতে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি ইয়াক বৈষম্যমূলক আখ্যা দিয়ে।
প্ৰিয়ংকা গান্ধীয়ে এক্স-পোষ্টত লিখিছে যে তালিবানৰ প্ৰতিনিধিগৰাকীৰ ভাৰত ভ্ৰমণৰ সময়ত অনুষ্ঠিত সংবাদমেলৰ পৰা মহিলা সাংবাদিকক কিয় আঁতৰাই দিয়া হ’ল সেয়া কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিব লাগে। নাৰীৰ অধিকাৰৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা যদি কেৱল নিৰ্বাচনী ছলনা নহয়, তেন্তে দেশৰ কিছুমান সক্ষম মহিলাক কেনেকৈ অপমান কৰিবলৈ দিয়া হ’ল, যেতিয়া নাৰী ভাৰতৰ মেৰুদণ্ড আৰু সমাজৰ গৌৰৱ।
প্ৰিয়ংকা গান্ধীৰ পোষ্টটো পুনৰ পোষ্ট কৰি ৰাহুল গান্ধীয়ে লিখিছে যে যেতিয়া মহিলা সাংবাদিকক ৰাজহুৱা মঞ্চৰ পৰা বাদ দিয়া হয়, তেতিয়া চৰকাৰে ভাৰতৰ প্ৰতিগৰাকী মহিলালৈ এটা বাৰ্তা প্ৰেৰণ কৰে যে চৰকাৰে তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত দুৰ্বল। তেওঁ উল্লেখ কৰে যে প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলৰ সমান অংশগ্ৰহণৰ অধিকাৰ আছে, আৰু এনে বৈষম্যৰ সন্মুখত চৰকাৰৰ মৌনতাই মহিলা সবলীকৰণৰ ওপৰত দিয়া শ্লোগানৰ ফোপোলাতাক উদঙাই দিয়ে।
অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো স্পষ্ট কৰি দিয়ে যে আফগান মন্ত্ৰীগৰাকীৰ সংবাদমেলত ভাৰত চৰকাৰৰ কোনো ভূমিকা নাই। এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে আফগান পক্ষই আয়োজন কৰিছিল।
উল্লেখযোগ্য যে ৯-১৬ অক্টোবৰৰ পৰা বৈদেশিক মন্ত্ৰী মুত্তাকীয়ে ভাৰত ভ্ৰমণ কৰি আছে। ১০ অক্টোবৰত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকৰ সময়ত দুয়োপক্ষই পাৰস্পৰিক বাণিজ্য, মানৱীয় সাহায্য, আঞ্চলিক নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। এই বৈঠকৰ সময়ত শুকুৰবাৰে মুত্তাকীৰ সংবাদমেলত মহিলা সাংবাদিকক অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া