গোলাঘাট, ১১ অক্টোবৰ (হি.স.): সদৌ চুতীয়া জাতি মহিলা আৰু সাংস্কৃতিক সমাৰোহ সন্মিলন, অসমৰ নিৰ্দেশত, চুতীয়া উন্নয়ন পৰিষদ আৰু গোলাঘাট জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত যোৱা কালি শুকুৰবাৰে দিন জোৰা কাৰ্যসূচীৰে চুতীয়া জাতি মহিলা আৰু সংস্কৃতিক সমাৰোহ গোলাঘাট এমেচাৰ থিয়েটাৰ চছাইটিত অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন, আৰু স্মৃতি তপন কৰা হয়। পতাকা উত্তোলন কৰে গোলাঘাট জিলা মহিলা সন্মিলনৰ সভানেত্ৰী সাৱিত্ৰী শইকীয়াই।
ইয়াৰ পিছত বীৰাংগণা সাধনী প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে সম্পাদিকা গীতিমনি বৰাই। অনুষ্ঠানৰ আৰম্ভণিৰ আগমুহুৰ্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ শান্তি কামনা কৰি এক মৌন শোভাযাত্ৰা বাহিৰ কৰে। তাৰ পিছত বিভিন্ন সংস্কৃতিৰ কাৰ্যসূচী ৰূপায়ন কৰে। আবেলি কুমকুম বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী। সন্ধ্যা জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰা হয়। লগতে পৰিবেশন কৰা হয় জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ