ধুবুৰী, ১১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত ১৪ টাকৈ চোৰাং উট জব্দ কৰা হৈছে। গৌৰীপুৰৰ চাৰালডাঙা এমবিচি ইটাভাটাৰ পৰা জব্দ কৰা হৈছে ১৪ টা উট। এই উট কেইটা বাংলাদেশ লৈ প্ৰেৰণ কৰাৰ বাবে অনা হৈছিল বুলি সন্দেহ কৰা হৈছে। ঘটনাৰে জড়িত এজনক আটক কৰিছে গৌৰীপুৰ আৰক্ষীয়ে। ধৃত আটকাধীন শিলাইৰপাৰ গাঁৱৰ সহিদুৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে।
ইফালে গৌৰীপুৰত ১৪ টাকৈ উট জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীপুৰৰ চাৰালডাঙাৰ এমবিচি নামৰ এটা ইটাভাটাৰ চৌহদত ট্ৰাকৰ পৰা উট কেইটা নমোৱাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক। আৰক্ষী অহাৰ উমান পাই ট্ৰাকৰ চালক আৰু চোৰাং উট সৰৱৰাহকাৰীৰ দলটো উট আৰু ট্ৰাক খন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। যদিও ঘটনা সন্দৰ্ভত সহিদুৰ ৰহমান নামৰ এজনক আটক কৰি থানালৈ নিয়ে। আটকাধীন সহিদুৰ ৰহমানৰ স্বীকাৰোক্তি মতে ধুবুৰীৰ ফলিমাৰীৰ জাবেদ নামৰ লোকজন এই উট সৰবৰাহৰ মূল খলনায়ক বুলি দাবী কৰে।অভিযোগ অনুসৰি চাৰালডাঙা অঞ্চলৰ পৰা আলমগঞ্জ হৈ চৰ অঞ্চলেৰে বাংলাদেশ প্ৰেৰণ কৰাৰ সন্দেহ কৰা হৈছে। জব্দকৃত ট্ৰাক খনৰ নম্বৰ ইউপি ১৭ বিটি ৫৭১৯ বুলি জানিব পৰা গৈছে। গৌৰীপুৰ আৰক্ষীয়ে ট্ৰাক আৰু উট জব্দ কৰি তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ