চৰাইদেউ, ১১ অক্টোবৰ (হি.স.)। চৰাইদেউ জিলাৰ সোণাৰিত কেইবা লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে বাৰ্মীজ চুপাৰীৰ কলা চিণ্ডিকেট। আৰক্ষীৰ চকুত ধূলি দি মালবাহী বাহনেৰে বাৰ্মিজ চুপাৰি সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে অসম-নাগালেণ্ড সংযোগী পথৰ সোণাৰি আৰক্ষীয়ে জব্দ কৰে এএছ ২৮ এচি ০৯১৬ নম্বৰৰ ট্ৰাকখন । লগতে গ্ৰেপ্তাৰ কৰা হৈছে তিনি সৰবৰাহকাৰী।
সোণাৰি আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ ভিতৰত অতিৰিক্ত চেম্বাৰ নিৰ্মাণ কৰি সৰবৰাহ কৰা হৈছিল বাৰ্মীজ চুপাৰি । বাহনৰ ভিতৰত খোলা বনাই প্ৰায় চাৰি টন বাৰ্মীজ চুপাৰি সৰবৰাহ কৰোতেই সোণাৰি আৰক্ষীৰ এটা দলে তালাচী চলাই বহু লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি জব্দ। ইয়াৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক তিনিজনৰ দুজনৰ নাম ছবিৰ ইছলাম, মইদুল ইছলাম আৰু তেওঁলোক বৰপেটাৰ নিবাসী বুলি জানিব পৰা গৈছে। মণিপুৰৰ পৰা বৰপেটালৈ সৰবৰাহ কৰোতেই আৰক্ষীৰ জালত পৰে আটাইকেইজন।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা