মৰিগাঁও, ১১অক্টোবৰ (হি.স.)। সাৱধান ! এইবাৰ জাগীৰোডত সক্ৰিয় সোণ চুৰি চক্ৰ ৷ জাগীৰোডৰ মাজমজিয়াত টিঘিলঘিলাই ঘুৰি ফুৰে বহিঃৰাজ্যৰ চোৰ ৷ দিন দুপৰতে লুটি নিলে প্ৰায় দুই লাখ টকাৰ সোণৰ অলংকাৰ ৷ গ্ৰাহকৰ ৰূপত অহা চোৰে চকুৰ পচাৰতে লৈ গ’ল প্ৰায় ১৫ গ্ৰাম সোণ ৷
জাগীৰোডৰ মাজমজিয়া স্থিত পি কে জুৱেলাৰ্চত শুক্ৰবাৰে সংঘটিত হয় এই ঘটনা ৷
প্ৰথমে দোকানখনত প্ৰৱেশ কৰে এটা চোৰ ৷ তাৰ পিছতে হাতত টকাৰ বাণ্ডিল লৈ প্ৰৱেশ কৰে আন এটা চোৰে ৷ কিছু সময় ইটোসিটো চোৱাৰ চলেৰে দোকানীক ব্যতিব্যস্ত কৰি চকুৰ পচাৰতে সোণৰ অলংকাৰ লৈ উধাও হয় দুই চোৰ ৷ কিন্তু এই সমগ্ৰ দৃশ্য বন্দি হৈ ৰয় দোকান খনৰ চিচিটিভি কেমেৰাত ৷
উল্লেখ্য যে, বিগত কিছুদিন ধৰি জাগীৰোডত পিয়াপি দি ফুৰা বহিঃৰাজ্যৰ এটা চোৰৰ দলে ইতিমধ্যে সংঘটিত কৰিছে কেইবাটাও ধন লুটৰ ঘটনা ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar