গুৱাহাটী, ১১ অক্টোবৰ(হি.স.)। তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱা তথা সাংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তৰুণ গগৈৰ আজি ৯১ সংখ্যক ওপজা দিন গুৱাহাটীৰ ৰাজীৱ ভৱনত উলহ-মালহেৰে পালন কৰা হয়। গুৱাহাটীস্থিত ৰাজীৱ ভৱনৰ লগতে জিলা কাৰ্যালয় সমূহতো প্ৰয়াত নেতাজনৰ ওপজা দিন পালন কৰা হয়।
ৰাজীৱ ভৱনত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ ৰিপুন বৰা, আব্দুল খালেকে আজি প্ৰয়াত নেতাগৰাকীৰ জীৱনযোৰা সাধনা তথা ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা কাম-কাজৰ পৰ্যালোচনা কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত দলৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এনএছইউআইৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰি বালিকা লাহন পেগুৱেও দুআষাৰ কয়। ইফালে, অসম ভ্ৰমণলৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমৰ সাংগঠনিক দায়িত্বত দিগ্বিজয় সিঙে আজি প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তৰুণ গগৈ কেনেদৰ ক্ষিপ্ৰতাৰে অসমৰ ভাগি পৰা অৰ্থনীতিক টনকিয়াল কৰি তুলিছিল সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ