পশ্চিম কাৰ্বি আংলং, ১১ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত সংঘটিত সংঘৰ্ষৰ ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি আংলংত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । কোনো দল সংগঠনে বন্ধ আহ্বান নকৰাকৈ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি বন্ধ পালন কৰে জিলা খনত। জিলা খনত দোকান পোহাৰ ,বজাৰ, বাছ চলাচল আদি বন্ধ হোৱা পৰিলক্ষিত হয়।
বিগত ৯ অক্টোবৰত অসম-মেঘালয় সীমান্তৰ তাপাত অঞ্চলত খাচী দুৰ্বৃত্তৰ দ্বাৰা সীমান্তবৰ্তী অঞ্চলৰ অসমৰ ভূমিত ধান কটাক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সৃষ্টি হৈছিল । ঘটনাত খাচী দুৰ্বৃত্তৰ আক্ৰমণত ৪৮ বছৰীয়া অৰিয়েল তিমুং নামৰ লোক এজনৰ মৃত্যু হোৱাৰ বিপৰীতে বহুলোক আহত হৈছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা