–ঘটনা সন্দৰ্ভত জুবিন ফেন ক্লাব টংলাবাসী ৰাইজৰ দ্বাৰা টংলা থানাত এজাহাৰ
ওদালগুৰি, ১১ অক্টোবৰ (হি.স.):অসমৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰূৱ জুবিন গাৰ্গৰ অনুষ্ঠান কৰাৰ নামত একাংশ ভুৱা ছাত্ৰ নেতাই এতিয়া ধন সংগ্ৰহ কৰা কাৰ্যত নামি পৰিছে। যাৰ ফলত প্ৰাণৰ শিল্পী জনক এক প্ৰকাৰৰ অপমান কৰা হৈছে। ওদালগুৰি জিলাৰ টংলাত সংঘটিত হয় এনে কুকৰ্ম। উল্লেযোগ্য যে যুগান্তৰ বিড়ি পাইকাৰী টংলাৰ মেনেজাৰৰ পৰা আজি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভূৱা ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ অনুষ্ঠানৰ নামত অৰ্থ সংগ্ৰহ কৰে প্ৰাক্তন আছু নেতা প্ৰাঞ্জল ডেকাই।
ঘটনাৰ সন্দৰ্ভত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চিন্টুমণি চক্ৰৱৰ্তীয়ে তদন্ত কৰাৰ ঘটনাটো পোহৰলৈ আহে যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতু টংলা জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু বৃহত্তৰ টংলা বাসী ৰাইজৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১৩ দিনীয়া এটি অনুষ্ঠান অনুস্থিত হৈ যায়। শ্রদ্ধাজলি অনুষ্ঠান খনৰ বাবে ৰাইজে সিদ্ধান্ত লৈছিল যে কোনো ধৰণৰ চান্দা উঠোৱা নহ'ব, কিন্তু দুর্ভাগ্যজনক ভাৱে টংলা বৰজলাহ নিবাসী প্রাক্তন আছু নেতা প্রাঞ্জল ডেকাই আছুৰ ৰচিদ ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ নামত টংলা জালুকবাৰী স্থিত ওম ভাণ্ডাৰৰ পৰা ১,৫০০ টকা আৰু টংলা চাৰিআলি স্থিত যুগান্তৰ বিড়ি পাইকাৰী দোকানৰ পৰা ২,০০০ টকা চান্দা সংগ্ৰহ কৰে।
আনহাতে মেনেজাৰৰ টোকা বহীত লিখা থকা মোবাইল নম্বৰটো টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰাঞ্জল ডেকাৰেই হয়। ইতিমধ্যে টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্টীকৰণ দি স্পষ্ট কৰি দিয়া আছে যে অতি সোনকালে দুস্কৃতিকাৰীজনক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ সংবিধানৰ মৰ্যদা অক্ষুণ্ণ ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নাৰায়ণ দাস আৰু সম্পাদক কংকন দাসে সংবাদ মাধ্যমৰ যোগেদি স্পষ্টীকৰণ দিয়ে। আনহাতে জুবিন ফেন ক্লাৱ আৰু টংলাবাসী ৰাইজে প্রাঞ্জল ডেকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ টংলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ